ৰাজ্যৰ নামঘৰ সমূহত অসম গৌৰৱ হিমাক অাৰ্শীবাদ

ৰাজ্যৰ নামঘৰ সমূহত অসম গৌৰৱ হিমাক অাৰ্শীবাদ
Published on

সমগ্ৰ অসমৰ লগতে নগাঁৱতো হিমাৰ লগতে এছিয়ান গেমছ খেলিবলৈ যোৱা সকলৰ সফলতাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে গঁঞা ৰাইজে । ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ছয়গৰাকী অসম গৌৰৱ ক্ৰমে- হিমা দাস,শিৱ থাপা,থ্ৰ'ডাম কবিতা দেৱী, অস্মিতা চলিহা,প্ৰমিলা দৈমাৰী,ৰ'দালী বৰুৱাই জাৰ্কাটাত অনুষ্ঠিত এচিয়ান গেমচত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব গৈছে। তেওঁলোকে যাতে নিজ নিজ ক্ষেত্ৰত সফল হৈ ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে তাৰেই কামনাৰে বেবেজীয়াৰ টোকোৰাবাহী আৰু চকলাঘাট অঞ্চলৰ আয়তীৰ লগতে ভকত সকলে টোকোৰাবাহী নামঘৰত সমুহীয়াকে নাম কীৰ্ত্তন আৰু প্ৰাৰ্থনা কৰি আশিৰ্বাদ জনায় ।ইয়াৰ লগতে অসমৰ গৌৰৱ খেলুৱৈকেইগৰাকীৰ সু-স্বাস্থ্যৰ বাবে ভাদমহীয়া নামত সমুহীয়াকে আশিৰ্বাদ জনায় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com