ৰাজ্যৰ বিদ্যালয়সমূহৰ বেগৰ ওজন হ্ৰাস কৰিবলৈ গঠন উচ্চস্তৰীয় কমিটী

ৰাজ্যৰ বিদ্যালয়সমূহৰ বেগৰ ওজন হ্ৰাস কৰিবলৈ গঠন উচ্চস্তৰীয় কমিটী
Published on

ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে স্কুল বেগসমূহৰ ওজন নিৰীক্ষণ কৰিবৰ কাৰণে জিলা আৰু ব্লক স্তৰীয় এখন কমিটী গঠন কৰে ৷ এই বিদ্যালয়সমূহৰ বেগৰ ওজন নিৰীক্ষণ কৰিবলৈ তৈয়াৰ কৰা কমিটী খনৰ অন্তিম দিন ৩০ মে’ ৷ ছয় জনীয়া কমিটীখনত উপায়ুক্তক অধ্যক্ষ ৰূপে নিযুক্ত কৰাৰ লগতে স্কুল ইনস্পেক্টৰ বুলী গগৈ ভূঞাক সদস্য সচিব ৰূপে নিযুক্ত কৰা হৈছে ৷

ৰাজ্যৰ শিক্ষা বিভাগে বাৰে বাৰে বিদ্যালয়ৰ কৰ্তৃপক্ষক কোৱাৰ পিছতো এই সন্দৰ্ভতে মানৱ সংশোধন বিকাশ মন্ত্ৰ্যালয়ৰ দ্বাৰা জাৰি কৰা দিশ নিৰ্দেশ অসমত উপেক্ষিত হয়। মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ নিৰ্দেশানুসাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত বিদ্যালয়ৰ বেগৰ ওজন ১.৫ কেজিতকৈ বেছি হ’ব নোৱাৰিব ৷তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাৰণে ২আৰু ৩ কেজি,পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ কাৰণে ৪ কেজি,সপ্তম আৰু নৱম শ্ৰেণীত ৪.৫ কেজি আৰু দশম শ্ৰেণীত প্ৰায় ৫ কেজি ওজনৰ বিদ্যালয়ৰ বেগৰ ওজন ধাৰ্য্য কৰি দিয়ে ৷

ইফালে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ বেগৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাসমূহ অনুসৰণ কৰক ৷কিন্তু এই ধৰণৰ নীতি নিৰ্দেশনা সমূহ অসমৰ বিদ্যালয় সমূহৰ ক্ষেত্ৰত সীমিত পৰিমাণে দেখা যায় ৷ উল্লেখ্য যে ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে চলিত বৰ্ষৰ ৩০ মে’ৰ ভিতৰত বিদ্যালয়ৰ বেগৰ ওজনত মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ দ্বাৰা নিৰ্ধাৰিত নীতি নিৰ্দেশনা অনুসৰণ কৰিবলৈ তৎপৰ হৈছে ৷কামৰূপ জিলা প্ৰশাসনে জিলাখনৰ বিদ্যালয়সমূহত মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ নীতি নিৰ্দেশনা নিৰীক্ষণ কৰাৰ কাৰণে এটা দল গঠন কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com