Begin typing your search above and press return to search.

ৰাজ্যৰ সকলো স্তৰৰ বিকাশৰ কাৰণে ভোটদাতাসকলে ভোটদান কৰিছেঃ অগপৰ সভাপতি অতুল বৰা

ৰাজ্যৰ সকলো স্তৰৰ বিকাশৰ কাৰণে ভোটদাতাসকলে ভোটদান কৰিছেঃ অগপৰ সভাপতি অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2019 6:39 AM GMT

ৰাজ্যৰ সকলো স্তৰৰ বিকাশৰ কাৰণে ভোটদাতাসকলে ভোটদান কৰিছে। এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ ৷ শুক্ৰবাৰে অসমৰ বিগত নিৰ্বাচনৰ সম্পৰ্কত অগপৰ সভাপতি অতুল বৰাই কয় যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনে ভোটদাতাসকলৰ মানসিকতাক প্ৰমাণিত কৰিছে ৷

লগতে অতুল বৰাই কয় যে বিগত তিনি বছৰত আমাৰ মিত্ৰজোঁট চৰকাৰে ৰাজ্য বিভিন্ন ক্ষেত্ৰত বিকাশৰ কাৰণে কাম কৰিছে ৷ আৰু দুৰ্নীতি হ্ৰাস কৰাৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ জনসাধাৰণে নিশ্চিত ৰূপত আমাক সকলো ক্ষেত্ৰতে সহায় কৰিছে। বিজেপিৰ লগত মিত্ৰতাৰ সন্দৰ্ভত অতুল বৰাই লগতে কয় যে বিজেপিৰ লগত মিত্ৰতাৰ সম্পৰ্কটোৰ জৰিয়তে বিকাশ কৰিবৰ কাৰণে সম্পূৰ্ণ পদক্ষেপ লোৱা হ’ব ৷

২০১৯-২০ বৰ্ষৰ বিধানসভাৰ বাজেটত বহুত আঁচনি আছে। চৰকাৰে এই আঁচনিসমূহক বাস্তৱায়িত কৰিবৰ কাৰণে পদক্ষেপ ল’ব ৷ মই আশা কৰিছো যে বিগত দিনসমূহত অনাগত দিনসমূহত চৰকাৰৰ সকলো কল্যানকামী আঁচনি সকলো জনসাধাৰণে লাভ কৰিব।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি