ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙক

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙক

Published on

ৰাজ্যত সম্প্ৰতি সংবিধান অনুসূচিত জনজাতি বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক ৷ লগতে থাকিব বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, পৰ্যতন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিভাগীয় মন্ত্ৰী সকলে সম্প্ৰতি ৰাজ্যত হৈ থকা পৰিস্থিতি যাতে আৰু অধিক জটিল নহয় ৷ সেই সম্পৰ্কে আলোচনা কৰিব কাৰণে মিলিত হ’ব গৃহমন্ত্ৰীৰ লগত ৷ লগতে দিছপুৰে অনাগত দিনত ৰাজ্যত হ’বলগীয়া সংকটসমূহক নিপাত কৰিবৰ কাৰণেও আলোচনা হ’ব ৷ইফালে অখিল অসম আদিবাসী সংঘ (AATS)য়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে ৷

অসমৰ জনজাতীয় সংগঠনৰ সমন্বয় সমিতীয়ে এই বিধেয়ক খনৰ বিৰোধিতা কৰি শুক্ৰবাৰে অসম বন্ধৰ ঘোষণা কৰে ।অন্যহাতে এই বিধেয়কখনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাত মন্তব্য কৰিছিল যে অসমত এছটি সকলৰ বৰ্তমান সা সুবিধাসমূহ সুনিশ্চিত কৰা হব ৷ উল্লেখ্য যে,এই বিধেয়কখনৰ সন্দৰ্ভত CCTOA ৰ মুখ্য সচিব আদিত্য খাখলাৰীয়ে বিধেয়ক খন বাতিল কৰিবলৈ কয় ৷ লগতে কয় যে, আমি বিধেয়কখন বাতিল কৰিবলৈ আন্দোলন কৰিম ৷ আৰু ১৪ জানুৱাৰীত বিধেয়কখনৰ কপি দাহ কৰা হ’ব ৷ ইফালে জানুৱাৰী মাহৰ শেষৰ ফালে, আমি নতুন দিল্লীত অধিবক্তা সকলৰ লগতে দেশৰ আগশাৰী লোকসকলৰ লগত এক আলোচনাত মিলিত হ’ম ৷ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে আমি "ড্ৰাইভ বিজেপি -দূৰ তথা অসম সংৰক্ষণ অভিযান আৰম্ভ কৰিম ৷লগতে আমি জনজাতীয় লোকে বিজেপি নেতাসকলক দল ত্যাগ কৰিবৰ কাৰণে দাবী কৰিছোঁ ৷এই বিধেয়কখন অসমৰ কাৰণে এক বিপন্ন পৰিস্থিতি সৃষ্টি কৰিছে।

অন্যহাতে,CCTOA ৰ সমন্বয়ক প্ৰমোদ বড়োৱে কয় যে,আমি অসমৰ জনগোষ্ঠীয় সম্প্ৰদায়সমূহৰ উন্নতিৰ বিৰোধ নহয় ।কেন্দ্ৰ চৰকাৰে নিজৰ লাভৰ কাৰণে এই পদক্ষেপ লৈছে যদিও আমি এই পদক্ষেপক কেতিয়াও বাস্তৱত ৰূপায়িত হ’বলৈ নিদিও ৷ ইফালে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়েও বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ গুৱাহাটীত হোৱা এক সংবাদমেলত বিৰেশ্বৰ শইকীয়াই কয় যে বিজেপি চৰকাৰখনে সংসদত বিধেয়ক উত্থাপন কৰি আধাতে এৰি আমাৰ বিশ্বাসঘাটক কৰিলে ৷ লগতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনলৈ অহাৰ ছমাহৰ ভিতৰত বিধেয়কখনৰ সন্দৰ্ভত এক সিদ্ধান্ত উপনীত হোৱাৰ কথাত আশ্বাস প্ৰদান কৰিছিল ৷কিন্তু বাস্তৱত সেয়া সম্পন্ন ন’হল ৷ লগতে কয় যে,২০১৯ ৰ লোকসভা নিৰ্বাচন সমাগত ৷ গতিকে বিজেপি চৰকাৰক আকৌ বিশ্বাসঘাতক কৰিবলৈ সুযোগ নিদিওঁ ৷যদি চলিত চৰকাৰখনে আকৌ বিধেয়কখনৰ সন্দৰ্ভত জনতাক বিশ্বাসঘাতক কৰে তেন্তে অনাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাব ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com