ৰাজ্যৰ ১৬ খন জিলাত অনুষ্ঠিত হ’ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ: বিসংগতিৰ কাৰণে পুনৰ ৭ ডিচেম্বৰত ভোটগ্ৰহণৰ ব্যৱস্থা

ব্যাপক বিসংগতিৰ মাজেৰে বুধবাৰে ৰাজ্যত অনুষ্ঠিত হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বুধবাৰে হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হয়গৈ ৬৫.৫ শতাংশ। ইফালে পুৱা ৭ বজাৰ পৰা হোৱা ভোটগ্ৰহণৰ সমাপ্তি হয় বিয়লি ৫ বজাত ৷ভোটগ্ৰহণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থী সমৰ্থকৰ মাজত খণ্ড যুদ্ধৰ লগতে ভোটাৰ তালিকাত নাম নথকা,বিভিন্ন বিসংগতিৰ সন্দৰ্ভত ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰীসকলৰ মাজত এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হয়৷
বেলট পেপাৰত প্ৰাৰ্থীৰ নাম ভুলকৈ ছপা হোৱাৰ বাবে ভোটকেন্দ্ৰসমূহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ইফালে গোলাঘাটত ভোটগ্ৰহণৰ মাজতে জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ এজন লোকৰ আৰক্ষীৰ গুলীত নিহত হয়৷অন্যহাতে নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত কয় যে,সকলো জিলাৰ পৰা পোৱা ভোটগ্ৰহণৰ তথ্য অনুসৰি ভোটদানৰ হাৰ হয়গৈ ৬৫.৫ শতাংশ ৷
কিছুসংখ্যক অঞ্চলত নিশা পৰ্যন্ত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰে নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই। অন্যহাতে ৰাজ্যখনৰ আটাইতকৈ বেছি সংখ্যক ভোটদান হয় শিৱসাগৰ জিলাত ৷ ৮১ শতাংশ ভোটদান হয় জিলাখনত ৷ ইয়াৰ পিছত সত্ৰনগৰী মাজুলীত হয় ৭০ শতাংশ ভোটদান ৷ ভোটগ্ৰহণৰ সময়ছোৱাত কিছুসংখ্যক স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও অন্য কিছু স্থানত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়।
উল্লেখ্য যে,ৰাজ্যৰ কিছু কিছু গাওঁ পঞ্চায়ত সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতাত নমা চি পি আই আৰু চি পি এমৰ প্ৰাৰ্থীৰ প্ৰতীক চিহ্নৰ বিসংগতি হোৱাৰ কাৰণে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব পাৰে ডিচেম্বৰৰ ৭ তাৰিখে৷বিশ্বনাথ চাৰিআলি,গহপুৰৰ দুই তিনিটা গাঁও পঞ্চায়ত,লক্ষীমপুৰ, তিতাবৰ আৰু শিৱসাগৰ জিলাত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ’ব পাৰে ৷ ইফালে ভোটগ্ৰহণত কিছু সংখ্যক ঠাইত ভোটাৰ সকলৰ নিজৰ নাম ভোটাৰ তালিকা নাপাই ভোটাকাৰ সকলৰ মাজত এক উত্তেজনাই বিৰাজ কৰে ৷
সেই সন্দৰ্ভত নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে,এই সমগ্ৰ বিষয়টো উপায়ুক্তই নিৰীক্ষণ কৰিব ৷নিজৰ নাম বা পৰিয়ালৰ নাম ভোটাৰ তালিকাত আছে নে নাই সেই সম্পৰ্কে আগতীয়াকৈ চোৱাটো নাগৰিক হিচাপে
প্ৰত্যেক জন ভোটাৰৰ দায়িত্ব থাকে ৷ উল্লেখ্য যে, ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৩,৫১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৱদ্ধ হৈ আছে বেলট বক্সত ৷ ৰাজ্য ১৬ খন জিলাত ১৪,০৭৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ অন্যহাতে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৯ ডিচেম্বৰত ৷ আৰু ভোট গণনা হ’ব ১২ ডিচেম্বৰত ৷ লগতে AGP , BJP আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ৰাইজৰ সহায় সহযোগিতা তথা বহুমূলীয়া ভোট দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি