Begin typing your search above and press return to search.

ৰাজ্যৰ ৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটদান:দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

ৰাজ্যৰ ৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটদান:দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 6:09 AM GMT

বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজত হোৱা প্ৰথম পৰ্যায়ৰ প্ৰায় ৮০ শতাংশ ভোটদানৰ পাছত , ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে সকলো দলৰ প্ৰস্তুতি । ইয়াৰ মাজতে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হোৱা বিসংগতিৰ বাবে আজি আৰু ১০ ডিচেম্বৰত ৰাজ্যৰ ৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ৷

এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে ৰাজ্যত পুনৰ ভোটগ্ৰহণৰ ক্ষেত্ৰত আজি ধেমাজিত ৩ টা ,বিশ্বনাথ জিলাত ১ টা,গহপুৰত ২টা,ধকুৱাখানাত ২টা,ধেমাজি জিলাত ৩টা,শিৱসাগৰ জিলাত ২টা,তিতাবৰত ১টা,চৰাইদেউত ১ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটদান অনুষ্ঠিত হ’ব ৷ অন্যহাতে,১০ ডিচেম্বৰত লক্ষীমপুৰ জিলাৰ ২৭ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ।

লগতে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে,ভোটদানৰ কাৰণে ভোটাৰে শাৰীত থিয় হৈহে জানিব পাৰে যে তেওঁলোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট নাই ৷ ইফালে প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনত ১৬ খন জিলাৰ ভিতৰত দৰং জিলাত সৰ্বাধিক ৮১.৫ শতাংশ ভোটদান হয় ৷ ইয়াৰ বিপৰীতে শদিয়াত সৰ্বনিম্ন ভোটদান হয় ৬৫.৫ শতাংশ ৷ মাজুলীত ৭৮.৮১ শতাংশ,কলিয়াবৰত ৮০.৫৬,কামৰূপ মেট্ৰ’ত ৭১.৩ শতাংশ,কামৰূপ ৭৯.০৯ শতাংশ ভোটদান হয় ৷

সম্প্ৰতি ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভে সাজু হোৱাৰ কথাও উল্লেখ কৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ বৰা ৷ উল্লেখ্য যে আজি বিয়লি ৩ বজাত সমাপ্ত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰা,এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলকে ধৰি সকলো নেতাই নামি পৰিছে নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ৷

সকলোৱে নিজৰ দলৰ সন্মান ৰক্ষা হকে ৰাজ্যৰ প্ৰত্যেকটো অঞ্চললৈ গৈ জনসাধাৰণৰ মাজত চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ইফালে ৯ ডিচেম্বৰত ৰাজ্যৰ বৰপেটা,বঙাইগাঁও,কাছাৰ,ধুবুৰী,গোৱালপাৰা,হাইলাকান্দি,হোজাই, কৰিমগঞ্জ,দক্ষিন শালমাৰা,মানকাছাৰ, নলবাৰীত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি