Begin typing your search above and press return to search.

ৰাজ্য চৰকাৰৰ ১০ টি বিভাগ ভূগিছে অনিশ্চয়তাতঃ হ’ব পাৰে সমস্যাৰ সন্মুখীন

ৰাজ্য চৰকাৰৰ ১০ টি বিভাগ ভূগিছে অনিশ্চয়তাতঃ হ’ব পাৰে সমস্যাৰ সন্মুখীন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2019 8:18 AM GMT

অসম গণ পৰিষদৰ(AGP) নেতা কেশৱ মহন্ত,অতুল বৰা,ফণীভূষণ চৌধুৰীৰ পদত্যাগৰ পিছত চৰম অনিশ্চয়তা ভূগিছে ৰাজ্য চৰকাৰৰ দহ টি বিভাগ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কেশৱ মহন্ত,অতুল বৰা,ফণীভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দিছে যদিও,পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই সোনোৱালে ৷ইফালে ৰাজ্য বিধান সভা আৰম্ভ হ’ব ২৮ জানুৱাৰীৰ পৰা ৷ বিত্তীয় বৰ্ষলৈ মাজত মাত্ৰ দুমাহ বাকী ৷লগতে আৱন্টিত ধন ব্যয় হ’ল ৬০ শতাংশ ৷ কিন্তু অনিশ্চয়তাত থকা ১০ বিভাগৰ ক্ষেত্ৰত দিব লগীয়া তথ্য সমূহৰ বিভাগসমূহ খালী হৈ আছে ৷

যদি বিধানসভাত সেই দহ টা বিভাগৰ প্ৰশ্ন সমূহৰ উচিত প্ৰতিক্ৰিয়া লাভ হয় তেন্তে অনাগত দিনত ইতিবাচক দিশৰ আশা কৰিব পাৰি ৷ মনকৰিবলগীয়া যে,যেতিযা এনে ধৰণে চৰকাৰৰ যিকোনো বিভাগ সংকটত পৰে, তেতিয়া সেই বিভাগ সমূহৰ সমস্ত দায়িত্ব মুখ্যমন্ত্ৰীৰ অধীনলৈ আহে ৷গতিকে সদ্যহতে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰায় ২০টা বিভাগ আছে ৷ ইফালে এই ক্ষেত্ৰত অন্যান্য সমস্যাও আছে৷ অন্যহাতে , বিভাগৰ অধিকাৰী সকলে নিজৰ প্ৰয়োজন অনুসৰি বিভাগীয় মন্ত্ৰী সকলক সাক্ষাৎ কৰিব পাৰে ৷অৱশ্যে,যেতিয়া যিকোনো এটা বিভাগ মুখ্যমন্ত্ৰীৰ অধীনত থাকে,তেতিয়া যিকোনো অধিকাৰীয়ে সীমিত সময়ৰ কাৰণে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰে ৷

ইফালে কিছুমান অধিকাৰীয়ে বিভাগীয় মন্ত্ৰীসকলৰ লগত সহজ অনুভৱ কৰে বা মুখ্যমন্ত্ৰীৰ লগত সংকোচ কৰে ৷ উল্লেখ্য যে যদি সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে বৰ্তমান অনিশ্চয়তাত থকা বিভাগ সমূহৰ ক্ষেত্ৰ তৎকালীন ভাবে কোনো পদক্ষেপ নলয়,তেন্তে অনাগত দিনত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি