Begin typing your search above and press return to search.

ৰানীত চিলাই পাঠ্যক্ৰমৰ সুবিধা

ৰানীত চিলাই পাঠ্যক্ৰমৰ সুবিধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2018 6:44 AM GMT

কেন্দ্ৰীয় আৰক্ষী সেনাৰ ১৭৫ সংখ্যা বেটেলিয়ানে কামৰূপ জিলাৰ ৰানীত চিলাই পাঠ্যক্ৰমৰ আয়োজন কৰে । চিভিক এক্সন প্ৰগেম ২০১৮ৰ অধীনত বেলেগ বেলেগ দুখীয়া পৰিয়ালৰ ১০গৰাকী নিবনুৱা যুৱতীক ৰানীৰ উদ্যোগিক এলেকাত চিলাই পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰে।

অলপতে পাঠ্যক্ৰমৰ সামৰনি পৰিল। সামৰনি অনুষ্ঠান যোৱা শনিবাৰে আয়োজন কৰা হয় । সামৰনি অনুষ্ঠানত ১৭৫সংখ্যক বেটেলিয়ানৰ সেনানায়ক মহেশ কুমাৰ আৰু এছএছ চৌৱানংশী,জিলা সেনানায়ক উপস্থিত থকাৰ লগতে পাঠ্যক্ৰমত অংশগ্ৰহনকাৰী যুৱতী সকল,প্ৰশিক্ষক সকলো উপস্থিত থাকে ।

Next Story
চাকৰি