ৰাফেল কেলেংকাৰী সন্দৰ্ভত মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ সংবাদমেল

ৰাফেল কেলেংকাৰী সন্দৰ্ভত মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ সংবাদমেল
Published on

ৰাফেল কেলেংকাৰী সন্দৰ্ভত হাটশিঙিমাৰী ৰাজীৱ ভৱনত দঃশালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা মানকাচৰ সমষ্টিৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলে সংবাদমেল পাতে। সংবাদমেলত ৰাফেল কেলেংকাৰীত জড়িত সকলোক তুলাধুনা দি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একপক্ষীয়ভাৱে ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ বাবে কৰা চুক্তিয়ে বিপন্ন কৰিছে দেশৰ প্ৰথাগত ব্যৱস্থা ।

ৰাজহুৱা খণ্ডৰ উদ্যোগ হিন্দুস্থান এৰোনটিকচ লিমিটেডক ৩৬ হাজাৰ কোটি টকাৰ অফছেট ঠিকাৰ পৰা বহিস্কাৰ কৰি যুদ্ধ বিমান নিৰ্মাণৰ ক্ষেত্ৰত শূন্য অভিঙতা থকা বেচৰকাৰী প্ৰতিষ্ঠানক ৩০ হাজাৰ কোটি টকাৰ ঠিকা প্ৰদান কৰা। ৰাফেল যুদ্ধ বিমানৰ মূল্য প্ৰকাশ নকৰাকৈ থাকি মোদী চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশবাসীক ভূলপথে পৰিচালিত কৰিছে।

প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে যুদ্ধ বিমান ক্ৰয়ৰ ক্ষেত্ৰত নতুনকৈ নিবিদা আহ্বান নকৰি ইচ্ছাকৃতভাৱে বিশ শতাংশ মূল্য হ্ৰাসৰ সুযোগ উপেক্ষা কৰে বুলি সংবাদমেলত মন্তব্য প্ৰকাশ কৰে দঃশালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা মানকাচৰ সমষ্টিৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com