ৰাফেল বিতৰ্কই নৰেন্দ্ৰ মোডীক পুনৰ ক্ষমতালৈ আনিব: প্ৰতিৰক্ষা মন্ত্ৰী

ৰাফেল বিতৰ্কই নৰেন্দ্ৰ মোডীক পুনৰ ক্ষমতালৈ আনিব: প্ৰতিৰক্ষা মন্ত্ৰী
Published on

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা শীতাৰমণে শুক্ৰবাৰে ৰাফেল যুঁজাৰু বিমান বিতৰ্ক সম্পৰ্কে থকা সকলো অভিযোগ খণ্ডন কৰি কয় যে ৰাফেল যুঁজাৰু বিমান চুক্তি সকলো ফালৰ পৰা স্পষ্ট। ক্ৰয় মূল্য, চুক্তি আদি সকলো ক্ষেত্ৰতে ৰাফেল চুক্তিত কোনোধৰণৰ বেমেজালি নাই। নিৰ্মলা শীতাৰমণে কংগ্ৰেছক সমালোচনা কৰি কয় যে কিয় বোফোৰ্চ চুক্তি এক কেলেংকাৰী ৰাফেল চুক্তি কেলেংকাৰী নহয়, শীতাৰমণে ৰাফেল বিতৰ্কই নৰেন্দ্ৰ মোডীক পুনৰ ক্ষমতালৈ আনিব বুলিও মন্তব্য কৰে।

লোকসভাৰ মজিয়াত চলা ৰাফেল চুক্তি সম্পৰ্কীয় আঢ়ৈ ঘণ্টাজোৰা সুদীৰ্ঘ বিতৰ্কত অংশগ্ৰহণ কৰি বিৰোধীৰ প্ৰশ্নৰ উত্তৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছে ৰাষ্ট্ৰীয় নিৰাপত্তাক সংকটৰ মাজলৈ ঠেলি দি যোৱা দহ বছৰে ৰাফেল চুক্তি কাৰ্য্যকৰী কৰিব নোৱাৰিলে কিন্তু

ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে ১৪ মাহৰ ভিতৰতে চুক্তিখনৰ চূড়ান্ত ৰূপ দিয়ে। কংগ্ৰেছে নৰেন্দ্ৰ মোডী চৰকাৰে ৰাফেল যুঁজাৰু বিমানৰ প্ৰাথমিক মূল্য ৫.২ বিলিয়নৰ পৰা ৮.২ বিলিয়নলৈ বৃদ্ধি কৰা বুলি কৰা অভিযোগৰ উত্তৰ দিবলৈ গৈ শীতাৰমণে ইয়াক মিছা বুলি আখ্যা দিয়ে। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী আৰু শীতাৰমণক কৰা আক্ৰমণ সম্পৰ্কে আবেগিক হৈ পৰি শীতাৰমণে কয় যে ৰাহুল গান্ধীয়ে আমাক মিছলীয়া আখ্যা দিছে, মই এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছে আৰু কষ্টৰ বলত প্ৰতিষ্ঠা লাভ কৰিছে। নামদাৰ পৰিয়ালৰ পৰা অহা সকলে ভিত্তিহীন অভিযোগ উত্থাপন কৰিব নোৱাৰিব আৰু সৰু পৰিয়ালৰ পৰা অহা

সকলক চোৰ আখ্যা দিয়াৰ কোনো যুক্তি নাই। এটা বিশেষ ক্ষমতা থকা পৰিয়ালৰ লোকে আমাক ৰক্ষণাবেক্ষণৰ কথা কয়, ৰাহুল গান্ধীৰ চোৰৰ পৰা নিজকে বচোৱা ব্যক্তব্যৰ উৰ্দ্ধিতি দি শীতাৰমণে কয় যে এনে ব্যক্তব্যই দেশৰ প্ৰধান মন্ত্ৰী, ৰক্ষা মন্ত্ৰীৰ সন্মানক আঘাত দিছে। ৰাহুল গান্ধীয়ে ক্ষমা খুজিবনে? কোনো ব্যক্তিৰে এইদৰে মন্তব্য কৰাৰ অধিকাৰ নাই বুলিও শীতাৰমণে কয়।

বফোৰ্চ হ'ল এটা কেলেংকাৰী, কিন্তু ৰাফেল চুক্তি হ'ল ৰাষ্ট্ৰীয় পৰ্য্যয়ত লোৱা এটা সিদ্ধান্ত। কংগ্ৰেছৰ চৰকাৰ বফোৰ্চ কেলেংকাৰীৰ কাৰণে পতন ঘটিছিল। ৰাফেল চুক্তিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক নতুন ভাৰত, পৰিবৰ্তনশীল ভাৰত আৰু দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ বাবে পুনৰ ক্ষমতালৈ আনিব। প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণৰ পিছতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে শীতাৰমণক কয় যে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীক ৰাফেল চুক্তিত জড়িত হৈ থকা বাবে অভিযোগ কৰা নাই, ৰাফেল চুক্তিত প্ৰধান মন্ত্ৰীক প্ৰত্যক্ষভাবে জড়িত হৈ থকাৰ বাবেহে অভিযোগ কৰা হৈছে। ৰাহুল গান্ধীয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ হয় নে নহয়ত জানিব বিছৰাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে প্ৰধান মন্ত্ৰীয়ে প্ৰতিৰক্ষা চুক্তিক অধিক খৰতকীয়াহে কৰিছে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰে ২০০৬ চনৰ পৰা ২০১৪ চনলৈ ৰাফেল চুক্তি সন্দৰ্ভত কোনোধৰণৰ কাম নকৰিলে।তেওঁলোকে ১৮ খন যুঁজাৰু বিমানৰ কথা কৈ থাকে কিন্তু এই চুক্তি ক'ত গ'ল বুলি মন্ত্ৰী গৰাকীয়ে ওলোটাই কংগ্ৰেছক প্ৰশ্নহে কৰে। প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী একে এন্থনীক লক্ষ্য কৰি শীতাৰমণে কয় যে এন্থনী ২০১৪ চনত প্ৰতিৰক্ষা মন্ত্ৰী হৈ থকা সময়ত কি মূলধনৰ কম হৈছিল যে তেওঁলোকে যুঁজাৰু বিমান ক্ৰয় নকৰিলে? এইদৰে শুক্ৰবাৰৰ দিনটো আক্ৰমণ, প্ৰত্যাক্ৰমণেৰে ভাৰতৰ সংসদ ভৱন গৰম হৈ পৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com