ৰাভা হাচং, মিচিং আৰু সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হব ২১ জানুৱাৰীত

ৰাভা হাচং, মিচিং আৰু সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হব ২১ জানুৱাৰীত
Published on

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদ, সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন জানুৱাৰীৰ ২১ তাৰিখে অনুষ্ঠিত হব। ইয়াৰ পূৰ্বেই ১৯ জানুৱাৰীত উত্তৰ-কাচাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি ঘোষণা কৰা হৈছিল। শুক্ৰবাৰে তিনিওখন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আয়ুক্ত এইচ এন বৰাই সাংবাদিকৰ আগত কয় যে স্বায়ত্ত শাসিত পৰিষদ সমূহত নিৰ্বাচনী আচৰণ বিধি আজিৰে পৰা কাৰ্য্যকৰী হব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয় যে জানুৱাৰীৰ ১১ তাৰিখে মনোনয়ণ পত্ৰ দাখিল কৰা হব আৰু জানুৱাৰীৰ ১২ তাৰিখে মনোনয়ণ পত্ৰ সমূহ পৰীক্ষা কৰা হব। তিনিওখন স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ২১ জানুৱাৰী তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈ আবেলি ৩ বজাত অন্ত পৰিব। ২৮ জানুৱাৰীৰ ৰাতিপুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হব।

প্ৰাৰ্থী সকলৰ নিৰ্বাচনী খৰছৰ প্ৰসংগত বৰাই কয় যে ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিজন প্ৰাৰ্থীয়ে সৰ্বাধিক ১.৬০ লাখ টকা নিৰ্বাচনৰ সময়ত খৰছ কৰিব পাৰিব, আনহাতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ একোজন সদস্যই ১.১০ লাখ টকাকৈ খৰছ কৰিব পাৰিব। ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদত ৫৫৬ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু মুঠ ৩৬ টা সমষ্টিত চাৰি লাখ ভোটাৰ আছে। মচিং স্বায়ত্ত শাসিত পৰিষদত ৯৬৭ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু প্ৰায় চাৰি লাখ ভোটাৰ, ৩৬ টা সমষ্টি আছে। সোণোৱাল কচাৰী স্বায়ত্ত শাষিত পৰিষদত ২.৫ লাখ ভোটাৰ আৰু ২৬ টা সমষ্টিত ৩২৩ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে।

ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ভূখণ্ড গোৱালপাৰা আৰু কামৰূপ জিলাত আছে, সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ ভূখণ্ড তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, তিতাবৰ, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি আৰু জোনাইৰ বিভিন্ন অঞ্চল জুৰি আছে। আনহাতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ভূখণ্ড ধেমাজি, লক্ষীমপুৰ, শোনিতপুৰ, ঢকুৱাখানা, গহপুৰ, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিভিন্ন ঠাইক সামৰি আগুৰি আছে।

ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদ, মিচিং স্বায়ত্ত শাসিত পৰিষদ, সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিসদ আৰু কাৰ্বি আংলং স্বায়ত্ত শা্সিত পৰিষদৰ সাধাৰণ নিৰ্বাচন শান্তি পূৰ্ণ আৰু নিকা ভাবে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com