ৰাম মন্দিৰ নিৰ্মান কৰাৰ দাবীত অসম প্ৰদেশ ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ

ৰাম মন্দিৰ নিৰ্মান কৰাৰ দাবীত অসম প্ৰদেশ ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ
Published on

আমবাৰীস্হিত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখ উত্তাল হ'ল চৰকাৰ বিৰোধী শ্লোগানেৰে। সংসদত আইন প্ৰণয়ন কৰি শ্ৰী ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মান কৰাৰ দাবীত ১ অক্টোবৰ পৰা অনশনত বহি থকা সাধু মহন্ত পৰমহংস দাসক উত্তৰ প্ৰদেশ পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ কৰে অসম প্ৰদেশ ৰাষ্ট্ৰীয় বজৰং দলে। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাম মন্দিৰ নিৰ্মাণ কথাটো কেৱল ৰাজনৈতিক বিষয় হিচাপে জীয়াই ৰাখিছে বুলি অভিযোগ কৰে লগতে আগন্তক নিৰ্বাচনত ইয়াৰ ফল ভুগিবলৈ প্ৰস্তুত হবলৈ আহ্বান জনাই ৰাষ্ট্ৰীয় বজৰং দলে।লগতে ২১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে শ্ৰীৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত লক্ষ্ণৌৰ পৰা অযোধ্যালৈ ১২০ কিলোমিটাৰ পদযাত্ৰা কৰিব বুলি ঘোষণা কৰিছে দলটোৱে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com