Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে ৩২ কোটিৰ আবন্টন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে পুৱাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰি চিকিৎসক,নাৰ্চ তথা কৰ্মচাৰী সমূহৰ লগতে ৰূগীসকলৰ লগত বাৰ্তালাপ কৰে।মন্ত্ৰী শৰ্মাই কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে ৩২ কোটি টকা আবন্টন দিছে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এনআৰচি সম্পৰ্কত কৰা মন্তব্যক গৰিহনা দি অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰক্ষা কবচ স্বৰূপ এনআৰচিৰ সম্পৰ্কত ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে।মন্ত্ৰী শৰ্মাই লগতে কয় যে এন আৰ চিৰ চুড়ান্ত ৰূপ পাবলৈ এতিয়াও বহুপৰ্যায় বাকী আছে খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে শংকিত হোৱাৰ কোনো কাৰণ নাই ।
Next Story