Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত দাবী আপত্তিৰ সন্মুখীন হোৱা সকলক সদৌ অসম ছাত্ৰ সন্থাৰ সহায়

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত দাবী আপত্তিৰ সন্মুখীন হোৱা সকলক সদৌ অসম ছাত্ৰ সন্থাৰ সহায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 6:57 AM GMT

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য ৩০ টা জাতীয় সংগঠনে স্বদেশী লোক আৰু ১৯৭১ চনৰ পূৰ্বতে অসমলৈ অহা লোকসকলক সহায় কৰিব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে মংগলবাৰে এক সংবাদ বিবৃত্তিদ্বাৰা কয় যে কিছুমান লোকৰ ক্ষেত্ৰত আপত্তি দাখিল কৰাত অনিয়ম হোৱাৰ তথ্য পোৱা গৈছে ৷ লগতে উল্লেখ আছে যে এই ক্ষেত্ৰত আছু আৰু ৩০ টা জাতীয় সংগঠনে ভাৰতীয় নাগৰিকসকলক সহায় কৰিব, যাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল ৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বিদেশীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বিৰুদ্ধে প্ৰায় দুই লাখ লোকৰ আপত্তি দাখিল কৰা হৈছে ৷ সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৩,২৯,৯১,৩৮৪ জন আবেদকৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ ৰ নাম সন্নিবিষ্ট হৈছে ৷ বিগত বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০ লাখ আবেদকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচাত প্ৰকাশিত হোৱা নাই ।এই ৪০.০৭ লাখৰ ভিতৰত ৩৬ ০২ আবেদনকাৰীৰৰ মাত্ৰ ২ লাখ লোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰা হৈছে ৷

ইফালে চলিত বৰ্ষৰ ৩১ জুলাইত চূড়ান্ত এনআৰচিৰ প্ৰকাশিত কৰাৰ পূৰ্বে দাবী আপত্তিৰ শুনানি অব্যাহত আছে ৷ অন্যহাতে দাবী আৰু আপত্তি দুয়োটা উচ্চতম ন্যায়ালয়ে তদাৰক কৰি আছ ৷ উচ্চতম ন্যায়ালয়ৰ তদাৰকীৰ ওপৰত ছাত্ৰ সন্থাৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ আছু আৰু অন্যান্য জাতীয় সংগঠনে এই ক্ষেত্ৰত লোকসকলক সহায় কৰি আছে। আপত্তিৰ ক্ষেত্ৰত আমি সকলোকে সহায় কৰিম ৷এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি