Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কংগ্ৰেছৰ জেষ্ঠ্য মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2019 10:26 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত ৰাজীৱ ভৱনত কংগ্ৰেছৰ সাধৰণ সম্পাদক তথা জেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টচাৰ্য্যই এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলখনত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰকৃত ভাৰতীয় হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পাছতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

চৰকাৰক সমালোচনা কৰি কংগ্ৰেছ নেতাজনে কয় যে এনে কাৰ্য্য কলাপেৰে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা বহু আকাংক্ষিত এন আৰ চি প্ৰক্ৰিয়াক বিলম্ব কৰিবলৈ আৰু ইয়াত আউল লগাবলৈহে কৰা হৈছে ৷ লগতে ভট্টাচাৰ্যই ১৯৭১ৰ আগৰ বৈধ নথি পত্ৰ থকা লোকক হাৰাশাস্তি দিয়াৰ প্ৰসংগও উত্থাপন কৰে।একেদৰে ডিটেশ্যন কেম্পত ৰখা আৰু বিদেশী ঘোষণা আদিৰ জৰিয়তে শংকাৰ সৃষ্টি কৰাৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়ালৈ আত্ম হত্যাকে ধৰি বিভিন্ন প্ৰকাৰে ৪৪ জন লোকৰ মৃত্যু হোৱা বুলি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে।

আৰু ইয়াৰ ৩৯ গৰাকী হিন্দু বাঙালী সম্প্ৰদায়ৰ বুলি দাবী কৰি ভট্টাচাৰ্য্যই কয় যে হিন্দু বাঙালীৰ প্ৰতি দৰদ দেখুওৱা বিজেপিৰ দিনত এইদৰে হিন্দু বাঙালী নিৰ্যাতিত হৈ আছে ৷লগতে এন আৰ চিত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব নোৱাৰিব বুলি কোৱাৰ লগতে এজনো বিদেশী নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে ভট্টাচাৰ্যই ।

অপূৰ্ব ভট্টাচাৰ্যই অসম চৰকাৰ, ভাৰত চৰকাৰ, দেশৰ মহপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। একেখন সংবাদ মেলতেই নগাঁও আৰু কাছাৰ কাগজকল সন্দৰ্ভতো বিজেপিৰ দুয়োখন চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ আনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ্য মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি