ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অনলাইন সংশোধনীৰ সময়সীমা বৃদ্ধি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অনলাইন সংশোধনীৰ সময়সীমা বৃদ্ধি
Published on

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত (NRC) নাম সংশোধন কৰাৰ কাৰণে সময় সীমা ১৫ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে ৷ ইতি পূৰ্বে এই সংশোধনী প্ৰক্ৰিয়াৰ সময়সীমা আছিল ২৮ ফ্ৰেব্ৰুৱাৰীলৈকে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ১৫ মাৰ্চেই হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শেষ সময়সীমা ৷ যদি আপুনি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত থকা নাম সমূহৰ তালিকা চাব বিচাৰে,তেন্তে আপুনি www.nrcassam.nic. in লৈ যাব লাগিব ৷

য’ত অনলাইন নেশ্যনেল ৰেজিষ্টাৰ অব চিটিজেনছ ড্ৰাফট কাৰেকচন প’ৰটেল উপলব্ধ হ’ব ৷ সেই প’ৰ্টেলত আবেদনকাৰীৰ মোবাইল নম্বৰ,ৰচিদ নম্বৰ আৰু প্ৰয়োজনীয় সকলো তথ্য দিব লাগিব ৷ তেতিয়া আপোনাৰ সকলো তথ্য অনুসৰণ কৰা চিষ্টেমটোৱে সম্পূৰ্ণ নিৰ্দেশাৱলীসমূহ পৰীক্ষা কৰি আপোনাৰ নাম,সকলো অভিযোগ ঠিক হৈ যাব ৷ উল্লেখ্য যে, সম্প্ৰতি প্ৰায় দহ লাখ নাগৰিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত নামকে ধৰি বিভিন্ন অভিযোগ সমূহ সংশোধনৰ কাৰণে আবেদন কৰিছে৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com