Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2019 6:45 AM GMT

অসম চৰকাৰে নাগৰিকপঞ্জীৰ পৰা বাংলাদেশীৰ নাম মুক্ত হোৱাটো বিচৰা নাই। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীত কৰণত দাবী আপত্তি তথা পৰীক্ষা চলি থকাৰ সময়ত ৰাজ্য চৰকাৰে ১৭ জনকৈ অতিৰিক্ত উপায়ুক্তক বদলি কৰা কাৰ্যত সদৌ অসম ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে ৷শুক্ৰবাৰে সংবাদমাধ্যমৰ সন্মুখত দিয়া এক ভাষ্যত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈয়ে কয় যে,ৰাজ্য চৰকাৰে এন আৰচিৰ কামত বিধি পথালি দিয়াৰ প্ৰচেষ্টা কৰিছে।

লগতে,পূৰ্বতে, ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীক কামত নিয়োজিত নকৰিবলৈ নিৰ্দেশ দিছিল ৷ তৎসত্ত্বেও ৰাজ্য চৰকাৰে বিষয়াসমূহক স্থানান্তৰিত কৰিছে ৷ আছুৰ নেতাসকলৰ অনুসৰি স্থানান্তৰিত আদেশ, এনেসময়ত দিছে যিসময়ত এন আৰ চি সম্পৰ্কীয় দাবী আপত্তিৰ সন্দৰ্ভত পদক্ষেপ লৈ থকা হৈছে ৷অন্যহাতে এই ধৰণৰ কাৰ্য দিছপুৰৰ প্ৰথম বাৰৰ কাৰণে নহয় বুলিও মন্তব্য কৰে আছুৰ নেতাদ্বয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি