Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া ডিজিপি কুলধৰ শইকীয়াৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া ডিজিপি কুলধৰ শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 8:43 AM GMT

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া কুলধৰ শইকীয়াই দেওবাৰে মন্তব্য কৰে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সকলো যাবতীয় কাম সুচাৰুপে হৈছে ৷ অসম আৰক্ষী অনাগত দিনত আহিবলগীয়া যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সম্প্ৰতি সাজু হৈছে ৷ কুলধৰ শইকীয়াই দেওবাৰে অসম আৰক্ষীৰ কাৰ্যালয়ত হোৱা এক সন্মিলনত সংবাদ মাধ্যমৰ সন্মুখত কয় যে যদি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

তেন্তে আমি অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰিম ৷ ইফালে, চলিত বৰ্ষৰ ৩১ জুলাইত অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব ৷ আশা কৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশিত হোৱাৰ পিছত অসমত অবৈধ বাংলাদেশীক চিনাক্ত হ’ব ৷ ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ৰাজ্যত প্ৰবেশ কৰা লোকসকলে ঐতিহাসিক বিদেশী বিৰোধী আন্দোলনক উপেক্ষা কৰে ৷

অন্যহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৩,২৯,৯১,৩৮৪ জনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ নাম অন্তৰ্ভূক্ত হৈছে ৷ ইফালে এনআৰচিত অন্তৰ্ভূক্ত নোহোৱা ৪০ লাখ ভিতৰত প্ৰায় ৩৬ লাখ লোকে দাবী আপত্তি কৰিছে ৷লগতে এনআৰচিৰ প্ৰাধিকৰণে বৰ্তমান দাবী আপত্তিৰ শুনানি অব্যাহত ৰাখিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি