Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীৰ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 9:29 AM GMT

কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীয়ে বুধবাৰে অভিযোগ কৰে যে চূড়ান্ত এনআৰচিত নাম অন্তৰ্ভূক্ত কৰাৰ প্ৰসংগ তথা আপত্তিৰ শুনানিত লোকসকল উৎপীড়নৰ সন্মুখীন হৈছে ৷ জিলা কংগ্ৰেছ কমিটীয়ে লগতে কয় যে আপত্তি সমূহৰ নীতি নিৰ্দেশনা উলংঘন কৰা হৈছে গতিকে তেওঁলোকে আপত্তিৰ প্ৰক্ৰিয়া স্থগিত কৰাৰ কাৰণে দাবী কৰে ৷ কোকৰাঝাৰত আয়োজিত এক প্ৰেছ বৈঠকত কোকৰাঝাৰ জিলা কমিটীৰ সভাপতি বিমল মণ্ডল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য সম্ভু মণ্ডলে কয় যে ভাষা আৰু ধাৰ্মিক সংখ্যালঘূ লোকসকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ ৰূপে সহযোগিতা আগবঢ়াইছে ৷

কিন্তু তেওঁলোক উৎপীড়ণৰ সন্মুখীন হৈছে ৷সকলো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ যাৱতীয় তথ্য দিয়াৰ পিছত এনআৰচিৰ কৰ্তৃপক্ষই এনআৰচিৰ তালিকা প্ৰকাশ কৰিছে ৷কিন্তু সম্প্ৰতি আশ্চৰ্যজনক ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষই কাল্পনিক ভাৱে দাবী আপত্তিৰ বিভিন্ন প্ৰসংগ উত্থাপন কৰি সংখ্যালঘূ লোকসকলক হাৰাশাস্তিৰ সন্মুখীন কৰাইছে ৷ এই মন্তব্য এজন কংগ্ৰেছ নেতাৰ ৷

লগতে নেতাজনে কয় যে অপষ্ট আৰু মিছা আপত্তিৰ কোনো আধাৰ নাই ৷যিসমূহ লোকে আপত্তি কৰিছে তেওঁলোকৰ কাৰোৰে পুংখানুপুংখভাৱে বিৱৰণ নাই ৷তেওঁলোকৰ কোনো এআৰএন নম্বৰ আৰু স্বদেশী অথবা বিদেশী সন্দৰ্ভতো কোনো উল্লেখ নাই ৷ইফালে ডিআৰচিআৰৰ দ্বাৰা জাৰী কৰা ন’টিছ তেওঁলোকৰ মৌলিক অধিকাৰ উলংঘন কৰাৰ স্পষ্ট উল্লেখ আছে ৷

জিলা কংগ্ৰেছ কমিটীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলা আহ্বান কৰা যে আপত্তিৰ শুনানি প্ৰক্ৰিয়া যাতে অতি শীঘ্ৰেই স্থগিত কৰি দিয়ে ৷ লগতে হাজেলাক সকলো ভাষিক আৰু ধাৰ্মিক সংখ্যালঘূসকলৰ সকলো আপত্তিৰ ন’টিছ অস্বীকাৰ কৰিবলৈ আহ্বান কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি