Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতাৰ বাবে অসমৰ দল নিৰ্বাচিত

ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতাৰ বাবে অসমৰ দল নিৰ্বাচিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2018 5:56 AM GMT

হাৰিয়ানাৰ মহাঋষি দয়ানন্দ বিশ্ববিদ্যালয়ভাৰতীয় পৰম্পৰাগত মল্লযুঁজ সন্থাৰ উদ্যোগত ১৮ আগষ্টৰ পৰা ২০ আগষ্টলৈ অনুস্থিত হবলগীয়া দ্বাদশ সংখ্যক ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবৰ বাবে অসম পৰম্পৰাগত মল্লযুঁজ সন্থাই দহ জনীয়া এটা দল নিৰ্বাচন কৰিছে।খেলুৱৈ সকল ক্ৰমে কনিষ্ঠ শাখাত প্ৰশান্ত প্ৰধান (৭৫ কেজি),মাধুৰ্য্য কুমাৰ নাথ (৫৮ কেজি),লুইত দুশাৰ (৫৯ কেজি),জিতুল জ্যোতি মহন্ত (৫৫ কেজি),জয়ৰাজ শ্যাম (৬৮ কেজি),হৃদিক দৈমাৰী (৬০ কেজি) আৰু জ্যেষ্ঠ শাখাত লাকী ৰাভা (৭০ কেজি),সাগৰ থাপা (৭২ কেজি),অবিনাশ দেৱ (৭৫ কেজি),চংথাম কেশপাৰ সিং (৫৬ কেজি)।দলটোৰ সৈতে থাকিব প্ৰশিক্ষক মুকুট দাস, টিম মেনেজাৰ ত্ৰিনয়ন বৰুৱা আৰু দলৰ সহায়ক অভিজিত। অসম পৰম্পৰাগত মল্লযুঁজ সন্থাৰ সভাপতি মিঠুন ঘোষ আৰু সাধাৰন সম্পাদক নুৰ আলম চৰকাৰে দলটোক লৈ আশাবাদী বুলি জানিবলৈ দিয়ে।

Next Story
চাকৰি