Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰেল বিভাগ আৰু বন বিভাগৰ পৰা সময়সীমা বিচাৰিছে

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰেল বিভাগ আৰু বন বিভাগৰ পৰা সময়সীমা বিচাৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 8:30 AM GMT

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰেল বিভাগৰ লগতে কেন্দ্ৰীয় পৰিবেশ আৰু বন বিভাগ আৰু ৰাজ্যিক বন বিভাগক ২০১৯ চনৰ জুন মাহৰ ভিতৰত অণ্ডাৰপাছৰ নিৰ্মান কাৰ্য্যৰ বাবে সময়সীমা বিচাৰিছে । গুৱাহাটীৰ সমিপৰ দ্বীপৰ বিলত হস্তীয়ে যাতে নিৰাপদে অহা যোৱা কৰিব পাৰে তাৰ বাবে সুনিশ্চিত কৰিবলৈও কয় । লগতে হাতীৰ বিচৰনৰ স্থানত ৰেল সমূহ দৌৰাত্ম্যৰ সন্দৰ্ভতো তথ্য দিবলৈ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৰেল বিভাগক নিৰ্দেশ দিছে ।

শেহতিয়াকৈ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে প্ৰকাশ কৰা নিৰ্দেশনাত প্ৰকাশ কৰে যে বন বিভাগ আৰু ৰেল বিভাগৰ লগত, ৰেল বিভাগে দ্বীপৰ বিলত হস্তীৰ মুক্ত বিচৰণৰ অঞ্চলত ৰেল বিভাগৰ সুৰংগৰ নিৰ্মাণত কেনেদৰে ব্যয় হব সেই সম্পৰ্কে আলোচনা কৰা হৈছে ।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনাত ৰেল বিভাগে প্ৰকাশ কৰে যে দুটা মন্ত্ৰালয়ৰ অণ্ডাৰপাছৰ আঁচনিৰ অনুমোদন জনালে, আঁচনিখন বাস্তবায়িত কৰিবলৈ পৰিকল্পনা প্ৰনয়ন কৰা হব বুলি প্ৰকাশ কৰে ।

আচনিখনৰ ৰূপায়ণৰ পূৰ্বে ২০১৯ চনৰ ১৫ মাৰ্চৰ পৰায়ে ৰেল বিভাগে দৌৰাত্ম্য সময়ৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়ে। বন অঞ্চলত প্ৰতি ঘন্টাত ৩০ কিলমিটাৰ অতিক্ৰম কৰিব পাৰিব ৰেলে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি