Begin typing your search above and press return to search.

ৰাস্তা নাই,ভোঁট নাই: গাওঁবাসীয়ে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন

ৰাস্তা নাই,ভোঁট নাই: গাওঁবাসীয়ে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2018 7:51 AM GMT

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ধুমুহা তুংগত উঠিছে। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে উজনি অসমৰ বিভিন্ন স্থানত সকলো ৰাজনৈতিক দলৰ

ৰথী-মহাৰথীয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ব্যাতিক্ৰম নহয় শিৱসাগৰ জিলাৰ ১০৩ নম্বৰ আমগুৰি বিধান সভা সমষ্টি। আমগুৰি বিধান সভা সমষ্টিৰ বিভিন্ন গাওঁ পঞ্চায়ত,জিলা পৰিষদৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপি,কংগ্ৰেছ,অগপকে ধৰি অন্যান্য দল সংগঠনে। কিন্তু আচৰিত ভাবে অথন্তৰ লাগিল এইখিনিতে।মংগলবাৰে গওঁবাসীয়ে আৰি দিলে এখন বিশেষ বেনাৰ। বেনাৰখনত স্পষ্ট ভাষাত লিখা আছে-কোনো প্ৰাৰ্থীকে গাওঁত প্ৰবেশ কৰিব দিয়া নহব, কাৰণ পথৰ অৱস্থা জৰাজীৰ্ণ আৰু বহুবাৰ আবেদনৰ পিছতো ইয়াক মেৰামতি কৰা হোৱা নাই।

কাৱৈমাৰী গাওঁ পঞ্চায়তৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী গৌৰীসাগৰ পানী যোগান পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অবস্থাত আছে।স্থানীয় লোকে বহুবাৰ স্থানীয় বিধায়ক আৰু বিভাগীয় গাওঁ প্ৰতিনিধিক পথছোৱা মেৰামতিৰ বাবে আবেদন কৰাৰ পিছতো পথছোৱা মেৰামতি কৰা নহল, যাৰ ফলস্বৰূপে অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভোগ কৰি আহিব লগা হৈছে। বাৰিষা সময়ত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। বুধবাৰে গাওঁবাসীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলক অঞ্চলটোত প্ৰবেশত বাধা প্ৰদান কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰা বুলি কয়। গাওঁখনত বসবাস

কৰা ৫০ টা পৰিয়ালৰ ভোটে প্ৰাৰ্থী সকলৰ জয়-পৰাজয়ত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছিল। উল্লেখ্য যে ৰাজ্যত বিভিন্ন দল সংগঠনে প্ৰচাৰৰ সময়ত নিৰ্বাচনী চমক অব্যাহত ৰখাৰ সময়ত কিছু ভোটাৰেও নিজৰ প্ৰতিবাদেৰে চমক সৃষ্টি কৰি আকৰ্ষণীয় কৰি তুলিছে পঞ্চায়ত নিৰ্বাচনী বাতাবৰণ।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি