লোকসভা নিৰ্বাচনৰ ৰণ ডংকা বজাবলৈ অসমত উপস্থিত ভাৰতীয় কংগ্ৰেছ পাৰ্টীৰ সভাপতি ৰাহুল গান্ধী

Published on

খানাপাৰা পশুচিকিৎসা বিদ্যালয় খেল পথাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদোগত বুথ কৰ্মী সমাৰোহ তথা বিশাল গণ সমাবেশ। সমাৰোহত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ভাৰতীয় কংগ্ৰেছ পাৰ্টীৰ সভাপতি ৰাহুল গান্ধী।খানাপাৰাত ভাৰতীয় কংগ্ৰেছ পাৰ্টীৰ সভাপতি ৰাহুল গান্ধীক উষ্ম আদৰণি।সমাবেশত ৰাহুৰ গান্ধীৰ ভাষণ| লগতে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ বীৰেণ ছিং ইংতি, গৌৰৱ গগৈ, ভূৱনেশ্বৰ কলিতা, ৰিপুণ বৰা, মুকুল চাংমা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈকে প্ৰমুখ্যে বহু প্ৰাক্তন কংগ্ৰেছী বিধায়ক বিধায়িকা। অসম প্ৰদেশ কংগ্ৰেছ কমিটী, যুৱ কংগ্ৰেছ কমিটী, মহিলা কংগ্ৰেছ কমিটী আৰু সকলো কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় কংগ্ৰেছ পাৰ্টীৰ সভাপতি ৰাহুল গান্ধীক উষ্ম আদৰণি জনাই।

সুৰা ট্ৰেজেডীত শতাধিকৰ মৃত্যুত শোক প্ৰকাশ ৰাহুৰ গান্ধীৰ| চাহ জনগোষ্ঠীৰ মৃতকৰ পৰিয়াললৈ সমবেদনা ৰাহুল গান্ধীৰ | শ্বহীদ মনেশ্বৰ বসুমতাৰীক শ্ৰদ্ধাঞ্জলি যাচিছোঁ বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে|পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱা পাইলটলৈ অভিনন্দন|নাগপুৰে শুনক, মোহন ভাগৱতে শুনক, মোদীজীয়ে শুনক’ ‘উত্তৰ-পূবৰ সভ্যতা-সংস্কৃতিৰ ওপৰত আক্ৰমণ হ’বলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে|‘ক্ষমতালৈ আহিয়েই উত্তৰ-পূবৰ বিশেষ মৰ্যাদা কৰ্তন কৰিলে বিজেপি চৰকাৰে|‘কংগ্ৰেছ ক্ষমতালৈ আহিলেই বিশেষ মৰ্যাদা পুনৰ প্ৰৱৰ্তন কৰিম লগতে উত্তৰ-পূব ঔদ্যোগিক নীতি বন্ধ কৰিছিল সেয়া কংগ্ৰেছে ক্ষমতালৈ আহিলে ঘূৰাই দিব বুলি প্ৰকাশ কৰে | বন্ধ হৈ থকা জাগীৰোড কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ লগতে অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰা হ’‍ব বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে|

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com