ৰাহুল গান্ধীক সাক্ষাৎ NESO ৰ প্ৰতিনিধিত্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত কি মন্তব্য ৰাহুল গান্ধীৰ?

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে, বিধেয়কখনক বাতিল কৰিবৰ কাৰণে তথা ভোট দিয়াৰ কাৰণে, সোমবাৰে নতুন দিল্লীত উত্তৰ পূবৰ তিনিটা পৃথক পৃথক প্ৰতিনিধি দলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ কৰে ৷ প্ৰতিনিধি দলটোত আছিল North East student's organization অৰ্থাৎ NESOৰ প্ৰতিনিধি,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বুদ্ধিজীৱী ড° হীৰেন গোহাঁইৰ নেতৃত্ব যোৱা এটি প্ৰতিনিধি দল। ইফালে বিধেয়ক খনৰ সন্দৰ্ভত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ লগত হোৱা আলোচনাৰ প্ৰসংগত আছুৰ উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই দ্য চেন্টিনেলৰ আগত হোৱা সাক্ষাতকাৰত কয় যে আমি ৰাহুল গান্ধীৰ লগত সাক্ষাৎ কৰি বিধেয়ক খনৰ সন্দৰ্ভত অৱগত কৰিলোঁ ৷আমি ৰাহুল গান্ধীক কওঁ যে, বিধেয়ক খন গৃহীত হ’লে ঐতিহাসিক অসম চুক্তিৰ মূল সিদ্ধান্ত উলংঘন কৰিব ৷
লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ভট্টাচাৰ্যই কয় যে,বিতৰ্কিত বিধেয়ক খনে স্বদেশী লোকসকলৰ ভাষা,সংস্কৃতিৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিব ৷ আমি ৰাহুল গান্ধীক কওঁ যে ইতিমধ্যে বিধেয়কখন প্ৰথমতেই লোকসভাত গৃহীত হৈছে৷ গতিকে বিধেয়কখন যাতে ৰাজ্যসভাত গৃহীত নহয় তাৰ কাৰণে ৰাহুল গান্ধীক আহ্বান জনায়, আছুৰ উপদেষ্টা ভট্টাচাৰ্যই ৷ইফালে বিধেয়ক খনে কেৱল অসম চুক্তিকেই উলংঘন নকৰে ,এন আৰ চি কো উলংঘন কৰিব ৷ ইয়াৰ পিছতেই আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে ৰাহুল গান্ধীয়ে NESO ৰ নেতা সকলক আশ্বাস দিয়ে যে উত্তৰ পূবৰ লোকসকলৰ ভাষা সংস্কৃতিক ধ্বংস কৰিবলৈ অনুমতি কেতিয়াও নিদিয়ে। অন্যহাতে, NESO ৰ প্ৰতিনিধি মণ্ডলে বিয়লি বিধেয়কখন বাতিল কৰিবলৈ সমাজবাদী পাৰ্টিকো সাক্ষাৎ কৰিব৷
ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু অসমৰ পৰা যোৱা বুদ্ধিজীৱীসকলকো কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে যে কংগ্ৰেছ আৰু ইপিএৰ সহযোগত ৰাজ্যসভাত বিতৰ্কিত বিধেয়ক খনৰ সন্দৰ্ভত বিৰোধ কৰিব ৷উল্লেখ্য যে,NESO ৰ প্ৰতিনিধি মণ্ডলত আছিল সদৌ অসম ছাত্ৰ সন্থা,সদৌ মণিপুৰ ছাত্ৰ সন্থা,সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা,খাছী ছাত্ৰ সন্থা,গাৰো ছাত্ৰ সন্থা,মিজো জিৰলাই পাৱল আদি জড়িত আছিল ৷ বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ উপৰিও প্ৰতিনিধি দলটোৱে শিৱসেনা নেতা শাফাল ৰাৱত , তৃণমূল কংগ্ৰেছৰ নেতা স্বাগত ৰায় আৰু জনতা দলৰ নেতা কেছী ত্যাগীৰ লগতে সাক্ষাৎ কৰে ৷ লগতে ৰাজ্যসভাত বিধেয়ক খনৰ সন্দৰ্ভত ভোট দিয়াৰ কাৰণে আহ্বান কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি