Begin typing your search above and press return to search.

ৰাহুল গান্ধীয়ে পিছপৰা জাতিক চুৰ বুলি অপমান কৰিছে: প্ৰধানমন্ত্ৰী মোদী

ৰাহুল গান্ধীয়ে পিছপৰা জাতিক চুৰ বুলি অপমান কৰিছে: প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2019 9:58 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । ৰাহুল গান্ধীয়ে মোদী আৰু পিচপৰা জাতিক অপমান কৰিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মহাৰাষ্ট্ৰৰ চ'লাপুৰ জিলাত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বহু সময়ত কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰজোট দলে প্ৰধানমন্ত্ৰীক পিচপৰা জাতিৰ বাবে অপমানিত কৰি আহিছে । কিন্তু এইবাৰ কংগ্ৰেছে সমগ্ৰ পিচপৰা জাতিটোকে অপমানিত কৰিছে বুলি প্ৰকাশ কৰে ।

ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰৰ এক ৰেলীত অংশগ্ৰহণকাৰী কৰি সকলো চুৰে মোদী জাতিৰ কিয় হয় বুলি প্ৰকাশ কৰিছিল । এই মন্তব্যতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । ৰাহুল গান্ধীয়ে নিৰব মোদী আৰু ললিত মোদীৰ কেলেংকাৰীৰ সন্দৰ্ভত কৰা মন্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছে পিছপৰা জাতিক কেনেদৰে চাই এয়া তাৰে প্ৰতিফলন ।

ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এন চি পিৰ মুখ্য সাৰদ পাৱাৰক আক্ৰমণৰ লক্ষ্য কৰি কয় যে সাৰদ ৰাওয়ে মোদীৰ লগতে সমগ্ৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰিছিল । লগতে কয় যে " আপোনি মোদীৰ পথ অনুসৰণ কৰিব নোৱাৰে। আপোনি দিল্লীৰ বিশেষ পৰিয়ালৰ পৰা আহিছে আৰু সেই পৰিয়ালৰ নীতি অনুসৰণ কৰক বুলি প্ৰকাশ কৰে।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে প্ৰথম বাৰৰ বাবে জনসাধাৰণে পুনৰ চৰকাৰক ক্ষমতালৈ আনিবলৈ প্ৰচাৰ চলাইছে । জনসাধাৰণে মোদীক পুনৰ ক্ষমতালৈ আনিবলৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি