Begin typing your search above and press return to search.

ৰাহুল গান্ধীৰ পৰাজয় স্বীকাৰ: নৰেন্দ্ৰ মোদীলৈ অভিনন্দন

ৰাহুল গান্ধীৰ পৰাজয় স্বীকাৰ: নৰেন্দ্ৰ মোদীলৈ অভিনন্দন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 8:02 AM GMT

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে নিজৰ পৰাজয় স্বীকাৰ কৰে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

কংগ্ৰেছ দল মুখ্য কাৰ্যালয়ত কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰি পৰাজয় স্বীকাৰ কৰাৰ লগতে আমেথি লোকসভা সমষ্টিত ৰাহুল গান্ধীৰ পৰাজয় স্বীকাৰ কৰি প্ৰকাশ কৰে , লগতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ বিজয়ৰ বাবেও অভিনন্দন জ্ঞাপন কৰে। লগতে দলৰ কিহৰ ভূলৰ বাবে আৰু কংগ্ৰেছ কৰ্মী সকলক তেওঁ দলৰ অধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব নে নাই সেই সম্পৰ্কত মত ব্যক্ত কৰে।

অধিক সংখ্যক আসনৰে লোকসভা নিৰ্বাচনত জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি দল।লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ মিত্ৰজোট চৰকাৰে ৩৫৩ খন আসনত লাভ কৰাৰ লগতে বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে। ১৯৮৪ চনৰ পাছত প্ৰথম বাৰৰ বাবে দেশত এটা দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে ।

আমেথি লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । আমেথিত বিজেপিৰ ঐতিহাসিক জয় । কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক পৰাজিত কৰে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে। স্মৃতি ইৰানীয়ে আমেথি লোকসভা সমষ্টিত ৪৯.৬% লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৪৩.৮৯% লাভ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি