ৰাহুল গান্ধীৰ টুইটাৰক প্ৰত্যাহবান জনালে সোণোৱাল আৰু হিমন্তই

ৰাহুল গান্ধীৰ টুইটাৰক প্ৰত্যাহবান জনালে সোণোৱাল আৰু হিমন্তই
Published on

ৰাজস্থান আৰু মধ্যপ্ৰদেশত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছতে কৃষক সকলৰ কৃষি ঋণ ৰেহায় কৰি দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী বিজেপি আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিপক্ষে সৰব হৈ পৰিছে। ৰাহুল গান্ধীয়ে এক টুইটাৰ যোগে কংগ্ৰেছে অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীক গভীৰ নিদ্ৰাৰ পৰা জগাই দিব বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।কংগ্ৰেছ সভাপতি গৰাকীৰ টুইটাৰত এই মন্তব্য প্ৰকাশৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তীব্ৰ প্ৰত্যাহবান জনাইছে। সোণোৱালে ৰাহুল গান্ধীক কটাক্ষ কৰি অসমৰ কৃষকৰ বিকাশ আৰু জীবিকাৰ বাবে ৰাহুল গান্ধীয়ে ক্ৰেডিট লোৱা বুলি কয়। "ৰাহুল গান্ধী আপোনাৰ অসমৰ কৃষকৰ বিষয়ে মন্তব্য কৰাৰ কোনো নৈতিক অধিকাৰ নাই, আপোনাৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্য্যকালত অসমৰ সম্পদ আৰু কৃষক সকলক কিদৰে শোষণ কৰা হৈছিল সেই কথা অসমৰ জনসাধাৰণে বুজি পায়" এইদৰে সোণোৱালে টুইটাৰ যোগে প্ৰকাশ কৰে। আপুনি অসম চৰকাৰৰ ভাল কামৰ ওপৰতো প্ৰশ্ন কৰিছে, আপোনাক মই কংগ্ৰেছৰ দিনত অসমত হোৱা দুৰ্নীতি, অন্যায়ৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবেও অনুৰোধ কৰিছো। কংগ্ৰেছৰ শাসনত কিদৰে সৰ্বহাৰা কৃষকক শোষণ কৰা হৈছিল, সাধাৰণ ৰাইজক লুটি খোৱা হৈছিল সেই কথা আপুনি অনুভব কৰক। এইদৰে টুইটাৰত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাহুল গান্ধীয়ে পূৰ্বতে টুইটাৰ যোগে কংগ্ৰেছ দলে অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীক নিদ্ৰাৰ পৰা জগাই দিব আৰু এতিয়াও শুই থকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো কংগ্ৰেছে জগাই দিব বুলি মন্তব্য কৰিছিল। অসম চৰকাৰে বুধবাৰে কৃষি খণ্ডৰ বিকাশৰ বাবে আৰু কৃষক সকলক ২৫ শতাংশলৈ ঋণ ৰেহাই দিয়াৰ বাবে ১০০০ কৌটি টকাৰ নতুন আচনি মুকলি কৰিছিল। অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অসমৰ খেতিয়কৰ আবেগক ৰাজনীতিৰ সৈতে জড়িত কৰি আঘাত কৰা বুলি সমালোচনা কৰে। হিমন্তই কয় ৰাহুল গান্ধী, অসমৰ চৰকাৰে কোনোধৰণৰ ঋণ ৰেহাই আচনি মুকলি কৰা নাই অসমৰ চৰকাৰে ২৫ শতাংশলৈ সুত ৰেহাইৰে বিনামূলীয়া ঋণৰ আচনি গ্ৰহণ কৰিছে। আৰু এই আচনি এবাৰলৈ ঋণ ৰেহাই পৰ্যন্ত কাৰ্য্যকৰী হৈ থাকিব। শৰ্মাই টুইটাৰ যোগে পুনৰ কয় যে আমি পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১২৫ বছৰ সম্পুৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই আচনি দহ মাহ আগতে বাজেটতত উল্লেখ কৰিছিলো। ইংৰাজৰ বিৰুদ্ধে সাহসেৰে বিদ্ৰোহ কৰা অসমৰ এই কৃষক সকলৰ প্ৰতি আপোনাৰ কোনোধৰণৰ আবেগ নাই বুলি ৰাহুল গান্ধীক টুইটাৰ যোগে সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com