Begin typing your search above and press return to search.

ৰাফেল কেলেংকাৰীক লৈ ৰাহুল গান্ধীৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 9:06 AM GMT

ৰাফেল কেলেংকাৰীক লৈ ৰাহুল গান্ধীৰ সংবাদমেল।কেলেংকাৰীত প্ৰধানমন্ত্ৰী মোদী পোটপটীয়াভাৱে জড়িতৰ অভিযোগ। বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ৰাহুল গান্ধীয়ে কয় – ৰাফেল কেলেংকাৰীৰ ফাইল কেনেকৈ হেৰাল? প্ৰধানমন্ত্ৰী আৰু PMOৰ ওপৰত তদন্ত হ’ব লাগে। প্ৰধানমন্ত্ৰী দোষী নহ’লে তদন্তৰ পৰা কিয় আঁতৰি আছে? ৰাফেল কেলেংকাৰীৰ বাইপাছ চাৰ্জাৰী কৰিছে মোদীয়ে। চৰকাৰ আৰু আদালতৰ কাম ন্যায় প্ৰদান কৰা, প্ৰধানমন্ত্ৰীৰ ওপৰত তদন্ত কিয় নহয় বুলিও প্ৰশ্ন ৰাহুল গান্ধীৰ। দেখুৱাই দিছো যে ৰাফেল চুক্তিত কেলেংকাৰী হৈছে, মোদীয়ে কয় কাকো ভয় নকৰো, তেন্তে তদন্ত কৰাওক। কেলেংকাৰীৰ ফাইলে নহয়, সকলো হেৰাইছে। নিবনুৱা সমস্যা, ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি হেৰাল বুলি সংবাদমেলত মন্তব্য কংগ্ৰেছ সভাপতিজনৰ। ৰাফেল চুক্তিৰ ৩০,০০০ কোটিৰ কেলেংকাৰীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে বিজেপি চৰকাৰে যি বিচাৰে কৰক কিন্তু ন্যায় সকলোৰে বাবে সমান হব লাগে। যদি ৰাফেল চুক্তিৰ নথিপত্ৰ হেৰাল তেন্তে থকা নথিপত্ৰৰ ভিত্তিতে শুনানি হব লাগে । এই সন্দৰ্ভত কিয় অনুসন্ধান কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক সমালোচনা কৰি কৈছিল পাকিস্তানৰ 'Poster boy ' বুলি। কংগ্ৰেছে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰমান বিচৰাত মোদীয়ে এনেদৰে কটাক্ষ্য কৰিছিল । আজি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক পাকিস্তানৰ "poster boy ' , আমেৰিকাৰ নহয় বুলি কটাক্ষ্য কৰে ।

Next Story
চাকৰি