Begin typing your search above and press return to search.

ৰায়বৰেলি লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল ছুনিয়া গান্ধীৰ

ৰায়বৰেলি লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল ছুনিয়া গান্ধীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2019 12:42 PM GMT

বৃহস্পতি বাৰে ৰায়বাৰেলি লোকসভা সমষ্টিৰ পৰা ছুনিয়া গান্ধীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ পুৰ্বে ছুনিয়া গান্ধীয়ে এক ৰোড শ্বত অংশগ্ৰহন কৰে । ৰোড শ্বত অংশগ্ৰহন কৰাৰ পূৰ্বে কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্যালয়ত পুজা আগবঢ়াই ছুনিয়া গান্ধীয়ে ।

ছুনিয়া গান্ধীয়ে এই আসনৰ পৰা পঞ্চম বাৰৰ বাবে পুন নিৰ্বাচনত অবতীৰ্ণ হব । মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী , প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু জোঁৱাই ৰবাৰ্ট ভাদ্ৰা উপস্থিত থাকে ।

ৰায়বাৰেলিত পঞ্চম পৰ্যায় ভোট গ্ৰহণ অৰ্থাৎ ৬ মেত অনুষ্ঠিত হব । ৰায়বাৰেলিত ছুনিয়া গান্ধীৰ প্ৰতিদন্দ্বি হব দীনেশ প্ৰতাপ সিঙ । দীনেশ প্ৰতাপ সিঙে শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ।

সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিয়ে প্ৰতিদন্দ্বিতা আগবঢ়োৱা নাই । ছুনিয়া গান্ধীয়ে ৰায়বাৰেলিৰ পৰা ২০০৪, ২০০৬ আৰু ২০১৪ চনত জয় হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি