ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই শীঘ্ৰে মুকলি কৰিব নতুন ২০ টকীয়া নোট

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই শীঘ্ৰে মুকলি কৰিব নতুন  ২০ টকীয়া নোট
Published on

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই অতি শীঘ্ৰেই মুকলি কৰিব নতুন ২০ টকীয়া নোট । নতুন ২০ টকীয়া নোট খন সেউজীয়া চাপ থকা হালধীয়া ৰঙৰ হব । মহাত্মা গান্ধী ফটো সম্বলিত সংকলৰ আকাৰৰ হব নতুন নোট খন ।

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই প্ৰকাশ প্ৰেছ বিবৃতিত প্ৰকাশ কৰে যে এই নতুন ২০ টকীয়া নোট খন দেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত হোৱাকৈ ইলোৰা গুহাৰ ওপৰত আধাৰিত।

নতুন ২০ টকীয়া নোট খনত মাজ ভাগত মহাত্মা গান্ধীৰ ফটো সম্বলিত কৰা হৈছে । লগতে ২০ লিখা হৈছে দেৱনাগৰী লিপিৰে ।

নতুন নোট খনৰ সোঁফালে অশোক স্তম্ভ আছে। মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি আৰু ইলেকট্ৰটাইপ ৱাটাৰ মাৰ্ক, বাওঁফালে সৰুৰ পৰা ডাঙৰলৈকে সংখ্যা সন্নিবিষ্ট কৰা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com