ৰেলত সংঘটিত শিৱসাগৰৰ ধাৰাবাহিক হত্যাকাণ্ডৰ চাৰ্জশ্বীট প্ৰস্তুত

ৰেলত সংঘটিত শিৱসাগৰৰ ধাৰাবাহিক হত্যাকাণ্ডৰ চাৰ্জশ্বীট প্ৰস্তুত
Published on

যোৱা ১০ আৰু ১১ জুলাইত উজনি অসমৰ ৰেলত সংঘটিত হৈ যোৱা সমগ্ৰ ৰাজ্য কপাঁই যায় ধাৰাবাহিক হত্যাকাণ্ড দুটাই। হত্যা কাণ্ড দুটাৰ বলি হৈছিল অসমৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী ৰাধা কুমাৰী(২২) আৰু তিনিচুকীয়াৰ লালনা দেৱী সিং(৪৫) নামৰ এগৰাকী মহিলা ।

আৰক্ষীৰ বিশেষ অভিযানত এই হত্যাকাণ্ডৰ লগত জড়িত মুল অভিযুক্ত বিকাশ দাস(৫২) আৰু বিপিন পাণ্ড(৪৭) আটক কৰিবলৈ সক্ষম হয়।

এই দুজন অপৰাধীক বৰ্তমান শিৱসাগৰ জিলা কাৰাগাৰত ৰখা হৈছে ।এই সন্দৰ্ভত বৰ্তমানলৈ অসম চৰকাৰৰ লগতে শিৱসাগৰ আৰক্ষীয়েও কোনো ধৰন গুৰুত্ব প্ৰদান নাই কৰা লগতে এজাহাৰ দাখিল কৰা লোক সকলে ভয় খাইছে যদি তেওঁলোক ন্যায়িক জিম্মাৰ পৰা সাৰি আহিব পাৰে ।দুসপ্তাহ পূৰ্ৱে চাৰ্জশ্বীট প্ৰস্তুত কৰা হোৱাৰ পিছতো এতিয়ালৈ দাখিল কৰা হোৱা নাই।

বৰ্তমানলৈ এন এফ ৰেলৱে আৰু ৰাজ্যিক চৰকাৰে ভোক্তভুগী পৰিয়াললৈ কোনো সহায়ৰ হাত আগবঢ়োৱা নাই লগতে কোনো ৰেলৱে যাত্ৰী সকলৰ বাবে বিশেষ সুৰক্ষা ব্যৱস্থা কৰা হোৱা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com