Begin typing your search above and press return to search.

ৰেল যাত্ৰীৰ আপত্তি সমূহ নিষ্পত্তিৰ বাবে নতুন এপ মুকলি

ৰেল যাত্ৰীৰ আপত্তি সমূহ নিষ্পত্তিৰ বাবে নতুন এপ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2018 8:10 AM GMT

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ অংশস্বৰূপে ৰেল মন্ত্ৰী পিয়ুষ গোৱেলে "ৰেল মদদ" নামৰ এক ডিজিটেল মোবাইল এপ ৰেল যাত্ৰী সকলৰ আপত্তি আৰু অসন্তুষ্টি গ্ৰহণ কৰাৰ বাবে মুকলি কৰে। নতুনকৈ মুকলি কৰা এই এপৰ জৰিয়তে এতিয়াৰে পৰা ভাৰতীয় ৰেলৱেত যাত্ৰা কৰা ৰেল যাত্ৰী সকলৰ আপত্তি আৰু অসন্তুষ্টি সমূহ গ্ৰহণ প্ৰক্ৰিয়াটো সম্পুৰ্ণ ডিজিটেল আৰু অধিক খৰতকীয়া হব।

"ৰেল মদদ"ৰ জৰিয়তে যাত্ৰী সকলে মোবাইল ফোনৰ দ্বাৰাই যিকোনো আপত্তি পঞ্জীয়ন কৰিব পাৰিব। নতুনকৈ মুকলি কৰা এই এপটোৰ জৰিয়তে আপত্তি পঞ্জীয়ন কৰিলে যাত্ৰী সকলে খৰতকীয়াকৈ আবেদন কৰা আপত্তিৰ ক্ষেত্ৰত এচ এম এচৰ জৰিয়তে এটা পঞ্জীয়ন ক্ৰমাংক লাভ কৰিব আৰু পৰবৰ্তী পৰ্য্যায়ত এই পঞ্জীয়ন ক্ৰমাংকৰ ভিত্তিতে নিজৰ আপত্তিৰ অগ্ৰগতি সম্বন্ধে জানিব পাৰিব। ৰেল যাত্ৰী সকলে মেডিকেল হেল্পলাইন, শিশু হেল্পলাইন, মহিলা হেল্পলাইন আদি সুবিধাও যাত্ৰাৰ সময়ত নতুনকৈ মুকলি কৰা মোবাইল এপটোৰ জৰিয়তে লাভ কৰিব। মোবাইল এপটোৰ জৰিয়তে আপত্তিৰ আবেদন কাৰীয়ে নিজৰ ফটোও সন্নিবিষ্ট কৰিব পাৰিব। ৰেল মন্ত্ৰী পিয়ুষ গোৱেলে এপটো মুকলি কৰি ৰেল যাত্ৰীৰ সহায়ক হব বুলি মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি