ৰেল যোগাযোগ টাৱাং আৰু বৰপেটা

ৰেল যোগাযোগ টাৱাং আৰু বৰপেটা
Published on: 

বৰপেটা আৰু টাৱাং লৈ ৰেল যোগাযোগ স্থাপন কৰাৰ বাবে গৱেষণা ইতিমধ্যে সম্পূৰ্ণ হৈছে তদুপৰি ইয়াৰ কাৰ্য্যবিধিৰ বাবে ৰেল মন্ত্ৰালয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰা হৈছে বুলি বিভাগীয় কৰ্মকৰ্তা,এন এফ আৰ ৰঙিয়া বিভাগ,ৰবিলেখ কুমাৰে বুধবাৰে দ্যা চেণ্টিনেল ৰ আগত প্ৰকাশ কৰে। কুমাৰে এই কথাও উল্লেখ কৰে যে ডেকাৰগাঁও আৰু উত্তৰ পূৰ্বাঞ্চলৰৰ অন্য ঠাই সমূহৰ সংযোগৰ বিষয়ে অধ্যয়ন সম্পূৰ্ণ হৈছে। ইতিমধ্যে ৰঙিয়া বিভাগৰ বৈদ্যুতিকৰণৰ কাম আগবাঢ়িছে বুলি কুমাৰে দ্যা চেণ্টিনেল ক অৱগত কৰিছে। ৫০ কিল মি লৈ ৰেল লাইন নিউ বঙাইগাঁওৰ পৰা চাংচাৰি আৰু বৰপেটাৰ বৈদ্যুতিকৰণৰ কাম এই বছৰত সম্পূৰ্ণ হব বুলি তেওঁ প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com