
তিনিটা দিনতে ভাৰতে জয়ৰে সমাপ্ত কৰিলে ভাৰত ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন টেষ্ট মেচ । দেওবাৰে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতে ১০ উইকেটেৰে জয়ী হৈ ২-০ ৰে শৃংখলা দখল কৰে । উমেশ যাদৱৰ বিধ্বংসী বলিঙেৰে ৱেষ্ট ইণ্ডিজৰ বেটচমেনত সম্পূৰ্ণৰূপে দমনত ৰাখে ভাৰতীয় দলটোৱে। উক্ত মেচ খনত উমেশ যাদৱে ১০ উইকেটে দখল কৰি মেন অব দা মেচ আৰু তৰুণ খেলুৱৈ পৃথ্বী শ্বয়ে মেন অব দি ছিৰিজৰ সন্মান লাভ কৰে ।
আনহাতে গৃহভূমিত ধাৰাবাহিক ভাৱে ১০ খন শৃংখলা জয় কৰি অষ্ট্ৰেলিয়াৰ অভিলেখ স্পৰ্শ কৰি অভিলেখ গঢ়ে ভাৰতীয় দলটিয়ে। ভাৰতীয় দলটোৱে ২০১৩ চনৰ পৰা বৰ্তমানলৈ টেষ্ট শৃংখলাত অপৰাজিত হৈ আহিছে গৃহভূমিত।ইফালে ভাৰতীয় দলটোৱে এই জয়েৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেৰাহে সপ্তমটো টেষ্ট শৃংখলা দখল কৰাৰ লগতে ২১ খন মেচত অপৰাজিত হৈ ৰৈছে ।