অনাগত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

অনাগত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

বিজেপিৰ অসম প্ৰদেশৰ মত অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ ১৪ খন আসনৰ ভিতৰত ১০ খন আসন লাভ কৰিব। লগতে এই ১০ খন আসনত কোনো ধৰণৰ সহযোগী দল এজিপি বা বিজেপি নাথাকিব ৷ দলটোৱে ৰাজ্যৰ ২৫,৫০০ বুথ কমিটীৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছত দেওবাৰে এই মন্তব্য প্ৰদান কৰে ৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ লগত হোৱা মত বিনিময় কৰি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে কৰীমগঞ্জ লোকসভা আসনত আমাৰ জয় নিশ্চিত ৷ এই সমষ্টিত ১০,৫৮,০৮৮ ভোটাৰৰ ভোটৰ ভিতৰত ৪,৯৫,০০০ ভোট আশা কৰা হৈছে ৷

শিলচৰত আমি ৯,৪৫,৮৩৪ ভোটাৰৰ ভোটৰ ভিতৰত ৪,৬৫,০০০ আশা কৰা হৈছে ৷এই আসনতো আমাৰ জয় প্ৰায় নিশ্চিত ৷ডিফুত ৬,১৫,৯৪৪ ভোটৰ ভিতৰত ৪ লাভ পোৱা গৈছে ৷ ইফালে গুৱাহাটী আসনৰ প্ৰসংগ উল্লেখ যে ৰঞ্জিত দাসে কয় যে ১৭,৬০,৫১১ ভোটৰ ভিতৰত আমি গুৱাহাটীত ১০.১৫ লাভ ভোটেৰে জয়ৰ আশা কৰা হৈছে ৷

মংগলদৈত ১৫,০০,৯০৮ ভোটৰ ভিতৰত আমি ৭,৬৫ লাখ ভোট আশা কৰিছোঁ ৷ তেজপুৰত ১১,৮৩,০৩৩ ভোটৰ ভিতৰত ৬.৭ লাখ ভোট লাভ কৰা আশা কৰা হৈছে ৷ নগাঁৱত ১৪,৮৯,৫৪৩ ভোটৰ ভিতৰত ৭.৭ ভোটৰ আশা কৰা হৈছে। ঠিক তেনেদৰে যোৰহাট জিলাত ৫.৮৫ লাখ ভোট আশা কৰা হৈছে ৷ যোৰহাটত মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১০,৫৪,১২৪ ৷ ডিব্ৰগড়ত ১০,১৩,৮২১ ভোটাৰৰ ভিতৰত ৬,৩০,৫০০ ভোটৰ আশা কৰিছে ৷

লক্ষীমপুৰত প্ৰায় ১২,৭৯,১১৯ ভোটাৰৰ ভিতৰত ৭.৬ লাখ ভোট লাভ কৰাৰ আশা প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ অৱশ্যে দাসে ৰাজ্যত বিজেপিৰ সহযোগী দল এজিপি আৰু বিপিএফৰ নিৰ্বাচনী ফলাফলত আশাবাদী নহয় ৷ ইফালে এজিপিয়ে কলিয়াবৰ,বৰপেটা আৰু ধুবুৰীৰ আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ আনহাতে বিপিএফে কোকৰাঝাৰত প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷

কলিয়াবৰত এজিপিয়ে ১৪,২১,৫০০ ভোটৰ ভিতৰত ৬,৬০ লাভ কৰিব পাৰে । বৰপেটা নিৰ্বাচন ক্ষেত্ৰত সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে আমাৰ সহযোগী দল এজিপিক ১৪,৫২,২১৩ ভোটৰ ভিতৰত ৫.৪৫ লাখ ভোট পাব পাৰে ৷ যদি এআইইউডিএফৰ প্ৰাৰ্থীয়ে ২-২.৫ লাখ ভোট লাভ কৰে তেন্তে এজিপিয়ে সেই ঠাইত অন্তিম হাঁহি মাৰিব পাৰে ৷ ধুবুৰীত এজিপিয়ে ১৬,৮২,৭১১ ভোটৰ ভিতৰত ৪.৭৫ লাখ ভোট পাব পাৰে। আৰু কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থীক ১৪,৬৮,১১২ ভোটৰ ভিতৰত ৪.৭ লাখ ভোট লাভ কৰিব পাৰে।

লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আমি ৬৯ টা বিধানসভা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে এইবাৰ ৭০ টা বিধানসভা সমষ্টিত জয় লাভ কৰিম । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আমাৰ জয়লাভ নিশ্চিত।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com