উৎকন্ঠাৰ অৱসান ঘটাই স্বদেশৰ ভূমিত বীৰ সন্তান:' ভাৰত মাতা কি জয়' ধ্বনিয়ে স্বাগতম ওইং কামাণ্ডাৰক

উৎকন্ঠাৰ অৱসান ঘটাই স্বদেশৰ ভূমিত বীৰ সন্তান:' ভাৰত মাতা কি জয়' ধ্বনিয়ে স্বাগতম ওইং কামাণ্ডাৰক

৬০ ঘন্টাৰ পাছত ভাৰতৰ ভূমিত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান। পাকিস্তানৰ যুঁজাৰু বিমান F-16 ভূপতি কৰিবলৈ গৈ ভাৰতৰ মিগ-21 দুৰ্ঘটনাত পতিত হৈছিল । বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান পাকিস্তানৰ ভূমিত পেৰাচ্যুতেৰে অবতৰণ কৰা পিছত ২ দিন ধৰি পাকিস্তানৰ জিম্মাত আছিল । অভিনন্দন বাৰ্থামানে পাকিস্তানৰ ভূমিত থকা বুলি জ্ঞাত হোৱাৰ পাছত তেওঁৰ লগত থকা সকলো প্ৰয়োজনীয় নথি পত্ৰ নষ্ট কৰি দিছিল ।

এই বীৰ জোৱান জন স্বদেশলৈ ওভতি অহাৰ সময়ত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ পৰে আৰু সমগ্ৰ দেশবাসীয়ে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক উষ্ম আদৰণি জনায় । স্বদেশলৈ ওভতি আহি সুখী অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানে ।

অভিনন্দন বাৰ্থামান ভাৰতলৈ উভতি অহাৰ সন্দৰ্ভত টুইটাৰত নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে " আপোনাৰ সাহসত দেশ গৰ্বিত " আমাৰ সেনা আৰু ১৩০ কোটি দেশবাসীৰ বাবে প্ৰেৰণা অভিনন্দন " বুলি প্ৰকাশ কৰে ।

"স্বদেশলৈ স্বাগতম । সমগ্ৰ দেশবাসী আজি গৌৰাম্বিত " টুইটাৰযোগে প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ ।

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ টুইটাৰ যোগে অভিনন্দন জনালে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক । " ওইং কামাণ্ডাৰ অভিনন্দন, তোমাৰ স্বাভিমান , সাহস আৰু স্হিতাৱস্হাই আমাক গৌৰাম্বিত কৰিছে " তোমাক স্বাগতম বুলি ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে ।

"অবশেষত বীৰ সন্তান স্বদেশলৈ ওভতি আহিল। সমগ্ৰ দেশবাসীয়ে অভিনন্দন জনাইছে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক । তুমি সমগ্ৰ দেশবাসীৰ বাবে অনুপ্ৰেৰণা- বুলি টুইটাৰযোগে প্ৰকাশ কৰে অৰবিন্দ কেজৰিয়ালে।

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক প্ৰসংশা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে । টুইটাৰ যোগে অমিত শ্বাহে কয় যে সমগ্ৰ দেশে অভিনন্দন বাৰ্থামানৰ সাহস আৰু বীৰত্বত গৌৰাম্বিত । বৰ্থমানক উভতাই পায় ভাৰত আনন্দিত । ভৱিষ্যতে ভাৰতৰ হে তথা বায়ু সেনাৰ হৈ একেই নিষ্ঠাৰে কাম আগবঢ়োৱাৰ বাবে আশাবাদী অমিত শ্বাহ । অভিনন্দন বাৰ্থামানলৈ উজ্জ্বল ভৱিষ্যতৰ কমনা কৰিলো" অমিত শ্বাহ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com