অভিনেতা অজয় দেৱগনৰ ট’টেল ধামালক লৈ এক বিশেষ সিদ্ধান্ত

অভিনেতা অজয় দেৱগনৰ ট’টেল ধামালক লৈ এক বিশেষ সিদ্ধান্ত

বলীউডৰ অভিনেতা অজয় দেৱগনে আজি ঘোষণা কৰে যে অজয় দেৱগনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ট’টেল ধামাল পাকিস্তানত মুক্তি নিদিয়ে ৷ জম্মু কাশ্মীৰৰ পুলৱামাত আত্ম ঘাটী বোমা বিষ্ফোৰণত ৪০ তকৈ অধিক বীৰ জোৱানৰ মৃত্যু হোৱাৰ পিছত অভিনেতা অজয় দেৱগনে এই সিদ্ধান্ত লয় ৷ অজয় দেৱগনে এই সন্দৰ্ভত টুইট কৰে যে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ট’টেল ধামালৰ কৰ্মকৰ্তা সকলে ছবিখন পাকিস্তানত মুক্তি নিদিয়াৰ সিদ্ধান্ত লৈছে।

https://twitter.com/ajaydevgn/status/1097387989812994050

ইফালে বিশ্বক শিহৰিত কৰা পুলৱামাৰ বিস্ফোৰণে কপাঁই গৈছে বলীউডকো। ইতিমধ্যে বলীউডৰ বহু চেলীবেট্ৰীয়ে পুলৱামাৰ কাণ্ডক গৰিহনা দিছে। লগতে পুলৱামাৰ বিস্ফোৰণত শ্বহীদ হোৱা পৰিয়াললৈ সাহাৰ্য আগবঢ়াইছে ৷বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে পুলৱামাৰ শ্বহীদ সকলৰ প্ৰসংগত এখন পত্ৰত উল্লেখ কৰে যে মই বহুত দুঃখিত যে,আমাৰ লোকসকলে নিজৰ কাৰণে যুদ্ধ কৰাৰ কোনো সুবিধা নাপায়। লগতে অভানেত্ৰী গৰাকীয়ে পুলৱামাত নিজৰ জীৱন দান দিয়া বীৰ জোৱানসকলৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰে ৷

এক তথ্য অনুসৰি বলীউডৰ বিগ বি অমিতাভ বচ্চনে শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ প্ৰদান কৰিব ৷ সম্প্ৰতি বিগ বিয়ে এই সমগ্ৰ ঘটনাক প্ৰত্যক্ষ কৰি আছে যে,কেনেকৈ শ্বহীদৰ পৰিয়ালক কেনেকৈ সাহাৰ্য প্ৰদান কৰিব ৷বলীউডৰ আন এজন নতুন প্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনেও পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। বৰুন ধাৱন সম্প্ৰতি আহিবলগীয়া ছবি “ষ্ট্ৰীট ডান্সাৰ ৩ ডী” দৃশ্যগ্ৰহণ কৰি আছে ৷ ৪০ জন বীৰ জোৱান শ্বহীদ হোৱা তথা বহুকেইজন আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বৰুন ধাৱানে লিখে যে “জয় হিন্দ” মই কেতিয়াওঁ হিংসাৰ ওপৰত কেতিয়াো বিশ্বাস নকৰোঁ ৷ কিন্তু আমাৰ সৈনিক সকলক আক্ৰমণ কৰিবৰ কাৰণে শত্ৰুৰ ৰূপত ভীৰুসকল আছে ৷সন্ত্ৰাসবাদ সম্প্ৰতি এটা ব্যৱসায়লৈ পৰিণত হৈছে ৷কিন্তু আমাৰ সৈনিকসকল উচ্চ পৰ্যায়ৰ ৷তেওঁলোকে মানুহৰ মাজত ঘৃণা বিয়পোৱা যিকোনো কাম নকৰে ৷

আনহাতে, দেশৰ লগতে সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই কংগনা ৰানাউটে মণিকৰ্ণিকাৰ সাফল্যৰ কাৰণে দিয়া পাৰ্টিক বাতিল কৰে ৷

উল্লেখ্য যে,ট’টেল ধামালত অভিনয় কৰিছে অনিল কাপুৰ,মাধুৰী দিক্ষীত, অজয় দেৱগন,ইশা গুপ্তা,চলমান খান, সোনাক্ষী সিন্হা আৰু সঞ্জয় মিশ্ৰাৰ দৰে বিগ চেলীব্ৰেট্ৰীয়ে ৷“ট’টেল ধামাল”ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিয়েই দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।কাৰণ ট্ৰেইলৰটো মুক্তি লাভ কৰাৰ পিছতেই প্ৰায় ২ ঘন্টাৰ ভিতৰতে ৪ লাখ দৰ্শকে প্ৰত্যক্ষ কৰাটো উল্লেখ যোগ্য ৷ইফালে, সুদীৰ্ঘ ১৮ বছৰৰ পিছত মাধুৰী দীক্ষীত আৰু অনিল কাপুৰে একেলগে অভিনয় কৰিব ৷ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ২২ ফ্ৰেব্ৰুৱাৰীত ৷

বিগত ধামাল আৰু ডাবল ধামালে দৰ্শকৰ মাজত যি জনপ্ৰিয়তা লাভ কৰিলে ,তেনে ধৰণে ট’টেল ধামালে জনপ্ৰিয়তা লাভ কৰিব নে নাই সেয়া হ’ব লক্ষ্যনীয় ৷কিন্তু ট’টেল ধামালৰ ট্ৰেইলৰ মুক্তি পোৱা পিছতে যি হাৰত জনপ্ৰিয়তা লাভ কৰিছে ৷সেই ফালৰ পৰা ছবিখনে এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে বুলি আশা কৰিব পাৰি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com