আগন্তুক লোকসভা নিৰ্বাচনলৈ বিজেপিৰ অভিনব প্ৰচাৰ

আগন্তুক লোকসভা নিৰ্বাচনলৈ বিজেপিৰ অভিনব প্ৰচাৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ অভিনব প্ৰচাৰ অভিযান । ভাৰতৰ মনৰ কথা মোদীৰ সৈতে বিশেষ অনুষ্ঠান । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম লোকসভা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত বাহন সমুহৰ শুভাৰম্ভি কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

৩ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টিয়ে আনুষ্ঠানিক ভাৱে এই অভিযানৰ শুভাৰম্ভি কৰিছিল । ৩৩ জিলাত প্ৰচাৰ চলাব এই বাহন সমুহে। উজনি, নামণি , বৰাক উপত্যকাকে ধৰি প্ৰত্যেক সমষ্টিত প্ৰচাৰ চলাব বাহনৰ যোগেদি । আজিৰ অনুষ্ঠানত উপস্থিত অসমৰ নিৰ্বাচনী প্ৰহৰী মহেন্দ্ৰ সিং, বিজেপিৰ সভাপতি ৰঞ্জিত দাস , বিধায়ক ড: নোমল মমিন, ফনীন্দ্ৰ নাথ শৰ্মা। জনসাধাৰণ মন ভাব ব্যক্ত কৰিবৰ বাবে এই ব্যবস্থা গ্ৰহণ কৰা হৈছে । নামোহ: এপ অথবা ৬৩৫৭১৭১৭১৭ নম্বৰত ফোন কৰি জনাব পাৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com