আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাব তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাব তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাব তিথি। হৰিনাম ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। বটদ্ৰৱা, বৰপেটা, মাজুলীৰ সত্ৰসমূহতো গুৰুজনাক স্মৰণ। পুৱাৰে পৰা নাম-প্ৰসংগৰে মুখৰ হৈ পৰিছে সত্ৰ-নামঘৰসমূহ।ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নামঘৰে নামঘৰে দেখা গৈছে গুৰুজনাৰ জন্ম জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি । হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে চৌদিশ। গুৰুবন্দনা নাম-প্ৰসংগৰ অমিয়া ধ্বনি প্ৰতিধ্বনিত গুঞ্জৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ। হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বটদ্ৰৱা, বৰপেটা, মাজুলীৰ সত্ৰসমূহ। পুৱাৰেপৰা হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ লগতে যুৱক- যুৱতীয়ে ভিৰ কৰিছেহি সত্ৰ-নামঘৰসমূহত। ধুপ-চাকি, শৰাই, নৈবদ্য আগবঢ়াই নাম কীৰ্তনত অংশ লৈছে সকলোৱে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com