আজি ১২ ডিচেম্বৰ ৷ আহক জানো ১২ ডিচেম্বৰ দিনটোৰ তাৎপৰ্য

আজি ১২ ডিচেম্বৰ ৷ আহক জানো ১২ ডিচেম্বৰ দিনটোৰ তাৎপৰ্য

আজি ১২ ডিচেম্বৰ ৷ প্ৰত্যেক দিনৰ দৰে ১২ ডিচেম্বৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ আহক এই দিনটোতে ঘটা কেইটিমান উল্লেখযোগ্য ঘটনাৰ বিষয়ে জানো ৷

১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৰ্ৱতন হয় ৷

১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত "দিল্লী দৰবাৰত"ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৷

২০১২ বৰ্ষৰ আজিৰ এই দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বটাঁ বিজয়ী ভাৰতীয় বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালে "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল ।

১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজবাদী,নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ জন্ম হৈছিল৷

১৯৫০ চনৰ আজিৰ এই দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা,মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকন ৰজনীকান্তৰ জন্ম হয় ৷

১৯৪৮ চনৰ আজিৰ এই দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক বিবিধ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com