আজি ১৩ ফেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৩ ফেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৫৪২ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী কেথৰীনক মৃত্যুৰ ঘাটত এৰি দিছিল ।

১৫৭৫ চনৰ আজিৰ দিনটোতে ফান্সৰ ৰজা হেনৰী তৃতীয়ৰ ৰাজ অভিষেক কৰে ।

১৬০১ চনৰ আজিৰ দিনটোতে লণ্ডনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম যাত্ৰাৰ নেতৃত্ব জন লোকাষ্টৰে কৰে ।

১৬৮৮ চনৰ আজিৰ দিনটোতে স্পেইনে পতূৰ্গালক এখন বেলেগ ৰাষ্ট্ৰ হিচাপে স্বীকাৰ কৰে ।

১৬৮৯ চনৰ আজিৰ দিনটোতে বিলিয়াম আৰু মেৰী ইংলেণ্ডৰ সংযুক্ত শাসক ঘোষণা হয় ।

১৭৯৫ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম ৰাজ্যিক বিশ্ব বিদ্যালয় উত্তৰী কেৰোলিনত আৰম্ভ হয় ।

১৯২০ চনৰ আজিৰ দিনটোতে বেচবলৰ নিগ্ৰো নেশ্যনেল লীগৰ স্থাপিত হয় ।

১৯৪৫ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই জাৰ্মানীৰ লগত প্ৰায় ৪৯ দিন পৰ্য্যন্ত যুদ্ধৰ পিছত হংগৰীৰ ৰাজধানী বুডাপেষ্টৰ ওপৰত অধিকাৰ কৰে;য়'ত ১লাখ ৫৯ জন লোকৰ মৃত্যু হয় ।

১৯৪৮ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমৰণ অনশন কাৰ্য্যসুচী আৰম্ভ কৰে ।

১৯৫৯ চনৰ আজিৰ দিনটোতে কণমানি সকলৰ প্ৰিয় বেবী ড'লৰ বিক্ৰী কৰে ।

১৯৬৬ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই কাজাখাস্তানত পৰমাণু পৰীক্ষণ কৰে ।

১৯৮৪ চনৰ আজিৰ দিনটোতে প্ৰয়াত প্ৰাক্তন ইন্দিৰা গান্ধীয়ে নৌ সেনাৰ কাৰণে মুম্বাই স্থিত মঝাগাঁৱত ডাক সেৱা আৰম্ভ কৰে ।

২০০৩ চনৰ দিনটোতে য়শ চোপ্ৰাক দাদা চাহাব ফালকে বটাঁ লাভ কৰে ।

২০০৭ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়া পৰমাণু কাৰ্যক্ৰম বন্ধ কৰাৰ কাৰণে সহমতি দিয়ে ।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিৰ তালিকা

১৮৭৯ চনৰ আজিৰ দিনটোতে সৰোজনী নাইডুৰ জন্ম হৈছিল ।

১৯১৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনা কামাণ্ডাৰ জগজীত সিঙ আৰোৰৰ জন্ম হৈছিল।

১৯৭৮ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা অস্মিত পেটেলৰ জন্ম হৈছিল ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮৩২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা নেতা সংগ্ৰামী বুধু ভগতৰ মৃত্যু হয় ।

১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ গায়ক ওস্তাদ অমীৰ খাঁৰ মৃত্যু হৈছিল ।

২০০৮ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰৰ হাস্য অভিনেতা ৰাজেন্দ্ৰ নাথৰ মৃত্যু হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com