আজি ১৪ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৪ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৫৩৭ চনৰ আজিৰ দিনটোতে গুজৰাতৰ চুলতান বহাদুৰ শ্বাহ পতুগাৰ্লৰ পৰা পলাই আহি পানীত ডুবি মৃত্যু হয় ।

১৫৫৬ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ গুৰদাসপুৰ জিলাত কালানোৰত ১৩ বছৰীয়া আকবৰৰ ৰাজ অভিষেক হয় ।

১৬২৮ চনৰ আজিৰ দিনটোতে শ্বাহজহাঁ আগ্ৰাৰ সিংহাসনত বহে ।

১৭৪৩ চনৰ আজিৰ দিনটোতে হেনৰী পেলহাম ব্ৰিট্টেইনৰ বিত্ত বিভাগৰ মুখ্য অধিকাৰী হয় ।

১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম হোমিওপেথিক মেডিকেল কলেজৰ স্থাপনা কলকাতাত হয় ।

১৮৯৯ চনত আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে সংসদীয় নিৰ্বাচনত ভোটিং মেচিন ব্যৱহাৰ কৰিবলৈ মঞ্জুৰী দিয়ে ।

১৯১৯ চনৰ আজিৰ দিনটোতে পোলিস আৰু চোবিয়েত যুদ্ধ আৰম্ভ হৈছিল ।

১৯২০ চনৰ আজিৰ দিনটোতে চিকাগোত মহিলা ভোটাধিকাৰৰ লীগ স্থাপনা হয়।

১৯৭৯ চনৰ আজিৰ দিনটোতে কাবুলত আমেৰিকাৰ ৰাজদূত এডোল্ফ ডক্সক মুছলীমক সন্ত্ৰাসবাদীৰ দ্বাৰা হত্যা কৰা হয় ।

১৯৯০ চনৰ আজিৰ দিনটোতে বাংগালুৰত ইণ্ডিয়া এয়াৰলাইন্সৰ দুৰ্ঘটনাত প্ৰায় ৯২ জন লোকৰ মৃত্যু হয় ।

১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ কপিল দেবে ৪০০ উইকেট আৰূ ৫০০০ৰাণ লৈ ৰেকৰ্ড কৰে ।

১৯৯৯ চনৰ আজিৰ দিনটোতে ইম্ফলত ৰাষ্ট্ৰীয় খেলৰ আৰম্ভ হয় ।

২০০৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ বিদ্যানিবাস মিশ্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ।

২০০৭ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ তিনিবাৰ মুখ্যমন্ত্ৰী হোৱা শ্যামচৰণ শুক্লৰ মৃত্যূ হৈছিল ।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিৰ তালিকা ঃ

১৪৮৩ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ সম্ৰাট বাবৰৰ জন্ম হৈছিল ।

১৮৮৫ চনৰ আজিৰ দিনটোতে মুছলিম দাৰ্শনিক চৈয়দ জফৰুল হুচেইনৰ জন্ম হৈছিল ।

১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী মধুবালাৰ জন্ম হৈছিল ।

১৯৩৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চলচ্চিত্ৰ আলোচক কমলা প্ৰসাদৰ জন্ম হৈছিল ।

১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী সুষমা স্বৰাজৰ জন্ম হৈছিল ।

১৯৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেত্ৰী চকীনা জাফৰী জন্ম হৈছিল ।

১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিভিল সেৱক আৰু প্ৰশাসক বী টী কৃষ্ণমাচাৰীৰ মৃত্যু হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com