আজি ১৭ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৭ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৮৬৩ চনৰ আজিৰ দিনটোতে ৰাছিয়ান অভিনেতা কোস্তেতিন স্তানিস্লাৱস্কিৰ জন্ম হৈছিল ৷

১৮৮৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ নিৱন্ধকাৰ ব্যংগকাৰ আৰু সাহিত্যকাৰ বাবু গোলাৱৰায়ৰ জন্ম হৈছিল ৷

১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় গণিতজ্ঞ ডী আৰ কাপৰেকৰৰ জন্ম হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি জগতৰ নিৰ্মাতা নিৰ্দেশক তথা অভিনেতা এল বী প্ৰসাদৰ জন্ম হৈছিল।

১৯১৭ চনৰ আজিৰ দিনটোতে অভিনেতা তথা ৰাজনেতা এম জী ৰামচন্দ্ৰনৰ জন্ম হৈছিল।

১৯১৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছবি নিৰ্মাতা তথা অভিনেতা কমল অমৰোহীৰ জন্ম হৈছিল।

১৯২০ চনৰ আজিৰ দিনটোতে তুৰ্কীৰ প্ৰসিদ্ধ কবি নাজিম হিকমতৰ জন্ম হৈছিল ৷

১৯২৩ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ ৰাংগেয় ৰাঘৱৰ জন্ম হৈছিল ৷

১৯৩০ চনৰ আজিৰ দিনটোতে সৰ্বোত্তম সংবাদপত্ৰৰ প্ৰথম সম্পাদক অৰবিন্দ কুমাৰৰ জন্ম হৈছিল ৷

১৯৪১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ লেখক মহাবীৰ চৰণ জৈনৰ জন্ম হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী ছবি জগতৰ গীতিকাৰ তথা লেখক জাভেদ আখটাৰৰ জন্ম হৈছিল ৷

১৫৯৫ চনৰ আজিৰ দিনটোতে স্পেইনৰ বিৰুদ্ধে ফান্সৰ ৰজা হেনৰী চতুৰ্থই যুদ্ধৰ ঘোষণা কৰিছিল৷

১৬০১ চনত মোগল বাদশ্বাহ আকবৰে অচীৰগড়ৰ অভেদ গঢ়ত প্ৰবেশ কৰিছিল ৷

ফান্সে স্পেইনৰ লগত চুক্তি স্বাক্ষৰিত কৰাৰ পিছত ফান্সে ১৬০১ চনত ব্ৰীচ তথা গেক্স অঞ্চল অধীনলৈ আনে ৷

১৭৫৭ চনত প্ৰুশিয়াৰ বিৰুদ্ধে জৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে ৷

১৮৫২ চনত দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সৱালৰ স্বাধীনতাক ব্ৰিটেইনে মান্যতা প্ৰদান কৰে ।

১৮৬৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এখন ৰাজ্য ৱৰ্জেনিয়াত গৃহযুদ্ধ হয় ৷

১৮৯৫ চনৰ আজিৰ দিনটোতে ফান্সীছ ৰাষ্ট্ৰপতি কোচিমিৰ পেৰিয়াৰে নিজৰ পদৰ পৰা ইস্তিফা দিয়ে ৷

১৯১৩ চনৰ আজিৰ দিনটোতে ৰেমণ্ড প্যাইনকেয়াৰ ফান্সৰ ৰাষ্ট্ৰপতি হয়।

১৯১৫ চনৰ আজিৰ দিনটোতে পশ্চিমী ইউক্ৰেইন আৰু বুকোবিনাত ৰুছে অধিকাৰ সাব্যস্ত কৰে ৷

১৯১৭ চনৰ আজিৰ দিনটোতে ৱৰ্জিন আইলেণ্ডক ২.৫ কোটি ডলাৰত আমেৰিকাই ক্ৰয় কৰে ।

১৯৪১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা নেতাজী সুভাষ চন্দ্ৰ বসু কলিকতাৰ পৰা জাৰ্মানীলৈ ৰাওনা হয়।

১৯৪৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় ।

১৯৭৯ চনৰ আজিৰ দিনটোতে ছোবিয়েত সংঘই পৰমাণু পৰীক্ষণ কৰে ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেটাৰ অজহৰুদ্দিনে দ্বিতীয় শতক অৰ্জন কৰে ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে উত্তৰ দিশত পদাৰ্পণ কৰা কৰ্ণেল জেকে বজাজ প্ৰথম ভাৰতীয় হয়।

১৯৯৫ চনৰ আজিৰ দিনটোতে জাপানৰ কোৱে চহৰত হোৱা ভূমিকম্পত শতাধিক লোকৰ মৃত্যু হয় ।

১৯৯৬ চনৰ আজিৰ দিনটোতে ইউৰোপীয় সংঘৰ সদস্য হ’বৰ কাৰণে চেক গণ্যৰাজ্যৰ আবেদন কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মাইকেল ৱেবনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লয় ৷

২০০৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় অলিম্পিক সংঘৰ মহাসচিব ৰণধীৰ সিঙে নিজৰ পদৰ পৰা ইস্তীফা দিয়ে ৷

২০১৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ চিলচিলাবাৰত হোৱা বোমা বিস্ফোৰণত প্ৰায় ৪০ জন লোকৰ মৃত্যু হয় ৷

১৯৫১ চনৰ আজিৰ দিনটোতে অসমৰ ছবি নিৰ্মাতা প্ৰসিদ্ধ সাহিত্যকাৰ তথা স্বাধীনতা সংগ্ৰামী নেতা জ্যোতি প্ৰসাদ আগৰৱালা দেৱে ইহলীলা সম্বৰণ কৰে।

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ মাক্সবাদী ৰাজনীতিজ্ঞ জ্যোতি বসুৰ মৃত্যু হয় ৷

প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেত্ৰী সুচিত্ৰা সেনৰ মৃত্যু হয় ২০১৪ চনৰ আজিৰ দিনটোতে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com