আজি ১ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৮২ চনৰ আজিৰ দিনটোতে ফান্সত এপ্ৰিল ফুল ডে আৰম্ভ হৈছিল ৷

১৭৯৩ চনৰ আজিৰ দিনটোতে জাপানত উনসেন নামৰ জ্বালামুখী উদগীৰণৰ কাৰণে প্ৰায় ৫৩,০০০ জন লোকে প্ৰাণ হেৰুৱাই ৷

১৮৭৮ চনৰ আজিৰ দিনটোতে কলকাতা মেডিকেল কলেজ আৰু চিকিৎসালয় মুকলি হয় ৷

১৮৭৮ চনৰ আজিৰ দিনটোতে কলকাতাত মুকলি কৰা সংগ্ৰাহালয় নতুন ইমাৰতক জনসাধাৰণৰ কাৰণে মুকলি কৰে ৷

১৮৯১ চনৰ আজিৰ দিনটোৰ পৰাই ফান্সৰ ৰাজধানী পেৰিছ আৰু ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ মাজত দুৰভাষ সম্পৰ্ক আৰম্ভ হয় ৷

১৯১২ চনৰ আজিৰ দিনটোতে দিল্লীক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হয়।

১৯২৪ চনৰ আজিৰ দিনটোতে হিটলাৰৰ ৫ বছৰৰ কাৰাদণ্ড হয় যদিও কেৱল ৫ বছৰহে জেলত থাকে হিটলাৰ ৷

১৯৩০ চনৰ দিনটোতে দেশত বিবাহৰ কাৰণে যুৱতীসকলৰ বয়স ন্যূনতম বয়স ১৪ আৰু?যুৱকৰ ১৮ কৰিছিল ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ কৰাছীত ভাৰতীয় বায়ু সেনাৰ স্থাপনা হৈছিল।

১৯৩৫ চনৰ আজিৰ দিনটোৰ পৰাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কাম কৰা আৰম্ভ কৰে। ইয়াৰ কাৰণে ৰিজাৰ্ভ বেংকে এখন আইন প্ৰস্তুত কৰে ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে দুৰদৰ্শনক ৰেডিঅ’ৰ পৃথক কৰি দুৰদৰ্শন কৰ্পৰেশ্যনৰ স্থাপনা কৰা হয় ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে ইৰাণ মুছলিম গণৰাজ্য হিচাপে ঘোষণা হয় ৷

১৯৯২ চনৰ আজিৰ দিনটোতে অষ্টম বাৰ্ষিক পঞ্চবাৰ্ষিক যোজনাৰ আৰম্ভ হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ড আইন অনুসৰি সমলিংগৰ বিবাহক ৰায় দিয়া প্ৰথম দেশ হিচাপে চিনাক্ত হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৬২১ চনৰ আজিৰ দিনটোতে শিখ সকলৰ গুৰু টেগ বাহাদূৰৰ জন্ম হৈছিল ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংস্থাপক ড° কেশৱৰাও বালীৰাম হেডগেবাৰৰ জন্ম হৈছিল।

১৮৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ বৈজ্ঞানিক প্ৰাণ কৃষ্ণ পাৰিজাৰ জন্ম হয় ৷

১৯১১ চনৰ আজিৰ দিনটোতে প্ৰগতিশীল কাব্যধাৰাৰ এক কবি তথা লেখক কেদাৰনাথ অগ্ৰবালৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লেখক উইলিয়াম মানচেষ্টাৰৰ জন্ম হয় ৷

১৯২৯ চনৰ আজিৰ দিনটোতে উপন্যাসকাৰ মিলান কুন্দেৰাৰ জন্ম হয়।

১৯৩৬ চনৰ আজিৰ দিনটোতে হিন্দী ছবিজগতৰ প্ৰসিদ্ধ অভিনেত্ৰী জবীন জলীলৰ জন্ম হয়।

১৯৩৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ১৩ সংখ্যক উপৰাষ্ট্ৰপতি হামিদ আনাচাৰীৰ জন্ম হৈছিল ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ মুৰলী বিজয়ৰ জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯০৭ চনৰ আজিৰ দিনটোতে আধুনিক গুজৰাটী সাহিত্যৰ কথাকাৰ তথা সাহিত্যকাৰ গোৱৰ্ধনৰাম মাধৱৰাম ত্ৰিপাঠীৰ মৃত্যু হয় ৷

২০১৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ কৈলাশ বাজপেয়ীৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com