আজি ২৫ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৫ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৬৭ চনৰ আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত বিদেশত ব্যৱসায় কৰাৰ অনুমতি দিয়ে।

১৯০৫ চনৰ আজিৰ দিনটোতে দক্ষিন আফ্ৰিকাত ভোটদানৰ অধিকাৰ লাভ কৰে।

১৯২৫ চনৰ আজিৰ দিনটোতে প’ৰ্ল বোৰ্ণ হিডেনবৰ্গ জাৰ্মানীৰ ৰাষ্ট্ৰপতি হয়।

১৯৫৭ চনৰ আজিৰ দিনটোতে চ’ডিয়াম পৰমানু ৰিয়েক্টৰত প্ৰথমবাৰ প্ৰায়োগিকৰ আধাৰত সঞ্চালিত হয়।

১৯৭৫ চনৰ আজিৰ দিনটোতে তৎকালীন চোবিয়েত ৰুছে ভূমিগত পৰমাণু পৰীক্ষণ কৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে দিল্লীত প্ৰথমবাৰৰ কাৰণে ৰঙীন প্ৰসাৰণৰ আৰম্ভ কৰে ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে জাৰ্মান পত্ৰিকা ষ্টৰ্ণে হিটলাৰৰ বিবাদস্পষ্ট ডায়েৰীৰ প্ৰথম সংখ্যা ছপা কৰে।

২০০৫ চনৰ আজিৰ দিনটোতে জাপানত হোৱা এক ৰেল দুৰ্ঘটনাত প্ৰায় ১০০ জন লোকৰ মৃত্যু হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা আমিৰ খানে হিন্দী ছবিলৈ দিয়া অন্যবৈদ্য অৱদানৰ কাৰণে মাষ্টৰ দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠানৰ বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে দক্ষিন আমেৰিকা ৰাজ্য মিছীচিপীত হোৱা ধুমুহাৰ কাৰণে তিনিটা শিশুৰ লগতে দহটি শিশুৰ মৃত্যু হয় ।

ভাৰতীয় নৌসেনাই ২০১০ চনত পুৰণি চেতক হেলীকপ্তাৰৰ ঠাইত নতুন লাইট য়ুটিলাটী হেলীকপ্তাৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

২০১৩ চনৰ ব্ৰিট্টেইনে সোমালিয়াত দূতভাস ২২ বৰ্ষৰ পিছত পুনৰ মুকলি কৰে ৷

২০১৩ চনৰ আজিৰ দিনটোতে ৰুছৰ এখন চিকিৎসালয়ল হোৱা অগ্নিকাণ্ডত প্ৰায় ৩৮ জন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ আই এম বিজয়নৰ জন্ম হয় ৷

১৯০৪ চনৰ আজিৰ দিনটোতে সাহিত্যকাৰ চন্দ্ৰবলী পাণ্ডেয়ৰ মৃত্যু হয়।

১৯৮৭ চনৰ আজিৰ বলীউডৰ জনপ্ৰিয় কণ্ঠ শিল্পী অৰিজিৎ সিঙৰ জন্ম হৈছিল ৷

দক্ষিন আফ্ৰিকাৰ টেনিছ খেলুৱৈ জেফ কোএৎজীৰ জন্ম হৈছিল ১৯৭৭ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় সন্ত স্বামী ৰংগনাথনন্দৰ মৃত্যু হয়।২০০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় হিন্দী ছবিৰ সুপ্ৰসিদ্ধ কথা,পটকথা আৰু কাহিনী লেখক পণ্ডিত মুখৰাম শৰ্মাৰ মৃত্যু হয়।

১৭৪৪ চনৰ আজিৰ দিনটোতে উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াছৰ মৃত্যু হয়।

১৮২২ চনৰ আজিৰ দিনটোতে জ্যোতিবিজ্ঞানী ইউলিয়াম হাৰ্ছেলৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com