আজি ২৬ এপ্ৰিলঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৬ এপ্ৰিলঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৫৪ চনৰ আজিৰ দিনটোতে ইহুদীসকলক ব্ৰাজিলৰ পৰা বহিস্কাৰ কৰা হৈছিল ৷

১৭৫৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ববিদ্যালয় ৰুছৰ ৰাজধানী মস্কোত মুকলি কৰা হৈছিল ৷

১৮৪১ চনৰ আজিৰ দিনটোতে বোম্বে গেজেট খবৰ কাগজ ৰেশমী কাপোৰত প্ৰকাশিত কৰা হৈছিল ৷

১৯২৬ চনৰ আজিৰ দিনটোতে জাৰ্মানী আৰু ৰুছে শান্তি বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷

১৯২৮ চনৰ আজিৰ দিনটোতে ম’মৰ মূৰ্তিৰ কাৰণে বিখ্যাতো মেডাম তুচাড প্ৰদৰ্শনী লণ্ডনত অনুষ্ঠিত কৰে ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে কিউবাই পানামাত আক্ৰমণ কৰে ৷

১৯৬২ চনৰ আজিৰ দিনটোতে এক আমেৰিকাৰ মহাকাশযানে প্ৰথম বাৰৰ কাৰণে মহাকাশলৈ গতি কৰে ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে মাল্টাই সংবিধান অংগীকাৰ কৰে ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে চিকিম ভাৰতৰ ২২ তম ৰাজ্য হয় ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি ৰোনাল্ড ৰীগনে চীনলৈ যাত্ৰা কৰে ৷

বীআৰপী মেননে ১৯৯০ চনৰ আজিৰ দিনটোতে ৪৬৩ ঘন্টা নৃত্য কৰি বিশ্ব ৰেকৰ্ড গঢ়ি তোলে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ ঔৰংগবাদত বোইং ৭৩৭ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত প্ৰায় ৬০ জন লোকৰ মৃত্যু হয়।

২০০৮ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু কাশ্মৰীত ৩৯০ মেগাৱটৰ এটি প্ৰজেক্ট দেশত সমৰ্পিত কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৬৪ চনৰ আজিৰ দিনটোতে স্বামী দয়ানন্দ সৰস্বতীৰ শিষ্য তথা আৰ্য সমাজৰ পাঁছজন প্ৰমুখ্য নেতাসকলৰ এগৰাকী পণ্ডিত গুৰদত্ত বিদ্যাৰ্থীৰ জন্ম হয়।

১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেত্ৰী মৌচুমী চেটাৰ্জীৰ জন্ম হৈছিল ৷

১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছবিৰ নিৰ্দেশক,লেখক নিতিন বোসৰ জন্ম হৈছিল।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯২০ চনৰ আজিৰ দিনটোতে মহান গণিতজ্ঞ শ্ৰী নিবাস ৰামানুজনৰ মৃত্যু হয়।

১৯৬১ চনৰ আজিৰ দিনটোতে জম্মু আৰু কাশ্মৰীৰ অন্তিম শাসক মহাৰাজ হৰী সিঙৰ মৃত্যু হয় ৷

১৯৮২ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠিত কবি আৰু আলোচক মলয়জৰ মৃত্যু হৈছিল।

১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংগীত নিৰ্দেশক শংকৰ ৰঘুবংশীৰ মৃত্যু হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপালী কমিউনিষ্ট পাৰ্টীৰ সভাপতি মনমোহন অধিকাৰীৰ মৃত্যু হয় ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com