আজি ২৮ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৮ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৪৭ চনৰ আজিৰ দিনটোতে জৰ্জ বী বেশ্যন আমেৰিকাৰ নিউয়ৰ্কলৈ যোৱা প্ৰথম নাগৰিক হয় ।

১৯১০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত ক্লোড গ্ৰাহাম হাইট নামৰ এজন বিমান চালকে প্ৰথম বাৰ নিশা বিমান অৱতৰণ কৰে ৷

১৯১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এখন ঠাইত হোৱা ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ১৮১ জন লোকৰ মৃত্যু হয় ৷

১৯১৬ চনৰ আজিৰ দিনটোতে বিজী তিলকে ভাৰতীয় গৃহ নিৰ্মাণ লীগৰ স্থাপনা কৰে ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে ৰুছৰ ৰাজধানী মস্কো’ত মাটিৰ তলত চলিত মেট্ৰ ’ আৰম্ভ হয়।

১৯৬৪ চনৰ আজিৰ দিনটোতে জাপান আৰ্থিক সহযোগ আৰু বিকাশ সংগঠনত অন্তৰ্ভূক্ত হয় ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে ফান্সৰ তৎকালীন ৰাষ্ট্ৰপতি চালৰ্চ ডী য়ে পদৰ পৰা ইস্তীফা দিয়ে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে জম্বিয়াৰ এক বিমান দুৰ্ঘটনাত প্ৰায় ৩০ জন ফুববল খেলুৱৈ মৃত্যু হয়।

১৯৯৫ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াৰ মেট্ৰ’ত হোৱা গেছ বিস্ফোৰণত প্ৰায় ১০৩ জন লোকৰ মৃত্যু হয় ।

১৯৯৫ চনৰ শ্ৰীলংকাৰ পলালীত হোৱা বিমান দুৰ্ঘটনাত ৫২ জন যাত্ৰীৰ মৃত্যু হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বৈজ্ঞানিক ডক্তৰ ৰিচৰ্ড চিড দ্বাৰা মানৱ ক্ল’নৰ ঘোষণা হয়।

২০০২ চনৰ আজিৰ দিনটোতে বুকাৰ পুৰস্কাৰ নতুন নাম মেন প্ৰাইজ ফাৰ ফিকশ্যন ঘোষণা হয়।

২০০৩ চনৰ আজিৰ দিনটোৰ পৰাই বিশ্বত কৰ্মচাৰী সুৰক্ষা আৰু স্বাস্থ্য দিৱস অনুষ্ঠিত কৰে।

২০০৭ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাক পৰাজিত কৰি অষ্ট্ৰেলিয়া চতুৰ্থ বাৰৰ কাৰণে চেম্পিয়ন হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠনে পীএচএলবী-চি৯ ৰ লগত সম্পৰ্ক ছেদ কৰি এক নতুন ইতিহাস গঢ়ে ৷

২০০৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোক টিপৰী ইন্টাৰনেশ্যনেল পুৰস্কাৰ প্ৰদান কৰা হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৯১ চনৰ আজিৰ দিনটোতে মহাৰাজা ৰনজিৎ সিঙৰ সেনাধ্যক্ষ হৰি সিঙং নলৱাৰ জন্ম হৈছিল ৷

১৮৯৭ চনৰ আজিৰ দিনটোতে চীনৰ সেনা মুখ্য অধ্যক্ষ জিয়ানয়িংৰ জন্ম হৈছিল।

১৯৭১ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ নিৰ্দেশক আৰু পটকথা লেখক নিখিল আডৱানীৰ জন্ম হৈছিল ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৭৪০ চনৰ আজিৰ দিনটোতে মৰাঠা শাসক পেশৱা বাজীৰাও প্ৰথমৰ মৃত্যু হৈছিল।

১৭৪০ চনৰ আজিৰ দিনটোতেই বাজীৰাওৰ দ্বিতীয় পত্নী মস্তানীৰ মৃত্যু হয় ৷

১৯৯২ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বটাঁৰে সন্মানিত কন্নড় ভাষাৰ মুখ্য সাহিত্যকাৰ বিনায়ক কৃষ্ণ গোকাকৰ মৃত্য হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com