আজি ৫ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৫ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৯৯ চনৰ আজিৰ দিনটোতে মহাৰাজা জয় সিংহই অম্বৰৰ সিংহাসন হাতত লয় ।

১৭৯৩ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ সৈনিকে ফান্সক পৰাজিত কৰি সাম্ৰাজ্য নিজৰ হাতলৈ আনে ৷

১৯১৮ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই পেট্ৰোগ্ৰাৰ্ডক আঁতৰাই মস্কোক ৰুছৰ ৰাজধানী কৰে ৷

১৯৩১ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে সবিনয় অবজ্ঞা আন্দোলন শেষ কৰে ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতত ঝাৰখণ্ডৰ দলৰ স্থাপনা হয় ৷

১৯৬২ চনৰ আজিৰ দিনটোতে কানাডাত আয়কৰ বিভাগৰ নিয়মক পৰিৱৰ্তন কৰে৷

১৯৬৮ চনত আজিৰ দিনটোতে মাৰ্টিন লুথাৰৰ হত্যা হয় ৷

১৯৮২ চনৰ আজিৰ দিনটোতে বেনেৰা ১৪ নামৰ ৰুচী উপগ্ৰহ বুধৰ কক্ষত উপস্থিত হয় ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়া আৰু দক্ষিন কোৰিয়াৰ মাজত ২৫ বছৰৰ পুৰণি শান্তি বাৰ্তা দিয়ে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে অভিনেতা সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তই কলম্বোৰ পৰা ১৭টা দলৰ লগত দক্ষিণ এছিয়াৰ ১৩ হাজাৰ কিলোমিটাৰ দুৰত্বৰ দীঘলীয়া যাত্ৰা আৰম্ভ কৰে ৷

২০০১ চনৰ আজিৰ দিনটোতে মক্কা মদিনাত হোৱা ঈদৰ সময়ত হোৱা পদপৃষ্ঠত প্ৰায় ৪০ গৰাকী যাত্ৰীৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯০৫ চনৰ আজিৰ দিনটোতে ভগত সিঙৰ স্বাধীনতা সংগ্ৰামত সহযোগ কৰা স্বাধীনতা সংগ্ৰামী নেত্ৰী সুশীলা দীদীৰ পঞ্জাৱত জন্ম গ্ৰহণ কৰে ৷

১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ গায়িকা গংগুবাই হংগলৰ জন্ম হয় ৷

১৯১৬ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ প্ৰসিদ্ধ নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বীজু পাটনায়কৰ জন্ম হয়।

১৯২২ চনৰ আজিৰ দিনটোতে পছোলিনি আৰু ইতালবী ছবিৰ নিৰ্দেশক পিয়াৰ পয়োলোৰ জন্ম হৈছিল ৷

১৯৩৪ চনৰ আজিৰ দিনটোতে মুক্তক,ব্ৰজ্ৰভাষাৰ ছন্দৰ লোকগীতৰ লোকপ্ৰিয় ৰচনাকাৰ সোম ঠাকুৰৰ জন্ম হয় ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্পিত কাৰ্যকৰ্তা শিৱৰাজ সিং চৌহানৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮২৭ চনৰ আজিৰ দিনটোতে বৈজ্ঞানিক অলেস্সাদ্ৰো বোল্টাৰ মৃত্যু হয় ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ২৯ বছৰলৈকে শাসনত থকা তানাশ্বাহ জোচেফ ষ্টেলিনৰ মৃত্যু হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি জী পি বিৰলাৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com