এইবাৰ বলীউডৰ পাৰ্ফেক্টচ’নিষ্ট আমিৰ খানে কৰিব হলীউড ছবিৰ ৰিমেকঃ উৎসুক জনসাধাৰণ

এইবাৰ বলীউডৰ পাৰ্ফেক্টচ’নিষ্ট আমিৰ খানে কৰিব হলীউড ছবিৰ ৰিমেকঃ উৎসুক জনসাধাৰণ

বলীউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খান সদ্যহতে বহুত ব্যস্ত ৷ কাৰণ শেহতীয়া এক তথ্য অনুসৰি আমিৰ খানে(Amir Khan) সম্প্ৰতি ১৯৯৪ চনৰ অস্কাৰত নমিনেচন হোৱা হলীউড ছবি "ফাৰেষ্ট গম্প"ৰ ৰিমেক কৰিব ৷ অভিনেতা জনে ছবিখনত সুন্দৰ,সুঠাম শৰীৰেৰে আকৃষ্ট কৰিব দৰ্শকক ৷ সেয়েহে সম্প্ৰতি আমিৰ খানে পৰিৱৰ্তন কৰিছে নিজৰ ডায়েট ৷ গতিকে ষ্ট্ৰিক ডায়েটক অগ্ৰাধিকাৰ দিছে আমিৰ খানে ৷ ইফালে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আমিৰ খানে কয় যে অনাগত ছবিৰ কাৰণে আমিৰ খানে সম্প্ৰতি প্ৰস্তুতি চলাইছে ৷ গতিকে বিশেষ ডায়েটক অগ্ৰাধিকাৰ দিছে আমিৰে । ছবিখনত আমিৰ খানে ট্ৰাম হেক্সৰ চৰিত্ৰত অভিনয় কৰিব ।

সততে দেখা যায়,আমিৰ খানৰ ছবিসমূহৰ কাহিনী,চৰিত্ৰ আদি সকলোতকৈ পৃথক৷ গতিকে,ইতিহাস, ৰাজনীতি,খেল,যুদ্ধ, পীড়া, প্ৰেম সকলোৰে উপস্থিতিত ছবি খন হ’ব এখন পূৰ্ণাংগ বিনোদন ধৰ্মী ছবি ৷ এক বিশেষ তথ্যৰ খবৰ অনুসৰি হলীউডৰ অভিনেতা ট্ৰাম্প হেক্সৰ অনুৰাগী আমিৰ খান ৷ হলীউড অভিনেতাজনৰ অভিনয়ে বাৰুকৈয়ে আকৃষ্ট কৰে আমিৰ খানক ।ইফালে, আমিৰ খানৰ প্ৰডাকছনে,বিগত বছৰত পেৰামাউণ্ট পিকচাৰ্ছক ক্ৰয় কৰে ৷ অন্যহাতে হলীউড ছবি "ফাৰেষ্ট গম্প"ৰ কাহিনীয়ে চৰ্চা লাভ কৰিছে৷ মুখ্য চৰিত্ৰ ফাৰেষ্ট মানসিকভাৱে দুৰ্বল হয় ছবিখনত ৷কিন্তু জীৱনত তেওঁ সফলতা লাভ কৰে প্ৰত্যেক ক্ষেত্ৰত ৷ আৰু এনেকৈয়ে ফাৰেষ্ট হৈ পৰে এজন ঐতিহাসিক পুৰুষ ।

অন্যহাতে,হলীউডৰ ছবি ফাৰেষ্ট গম্প ছবিখনৰ সংলাপসমূহো যথেষ্ট উল্লেখ্যনীয় তথা যথেষ্ট জনপ্ৰিয় ৷ ছবিখনৰ নায়ক ফাৰেষ্ট গম্পৰ এটা সংলাপ "মোৰ মায়ে প্ৰায়ে কয় যে জীৱনটো এটি চকলেটৰ বাকচৰ দৰে"৷এই সংলাপটি আজিও সৰ্বখ্যাত,সৰ্ববিখ্যাত সংলাপ ৷ ইফালে আমিৰ খানৰ চলচ্চিত্ৰৰ অনুৰাগীসকলে প্ৰায়ে লক্ষ্য কৰে যে,মিষ্টাৰ পাৰফেক্টচ’নিষ্ট আমিৰ খানে যিকোনো চৰিত্ৰত অভিনয় কৰিবলৈ যাঁওতে, সেই চৰিত্ৰটোক জীৱন্ত ৰূপত উপস্থাপন কৰিবলৈ যাওঁতে, সততে নিজকে সুন্দৰকৈ প্ৰস্তুত কৰে । তাৰ উদাহৰণ হ’ল গজনী,দংগল,পীকে আৰু ধুম 3 অন্যতম ৷ গজনীত আমিৰ খানৰ আমি যি লুক,ফিটনেছ দেখিছিলো তাৰ কাৰণে আমিৰ খানে প্ৰায় ১৩ মাহ নিৰৱিচ্চিন্ন ভাৱে তিনিঘন্টাকৈ শৰীৰ চৰ্চা কৰিছিল ৷ লগতে ছবিখনত দেখুওৱা চৰ্ট মেম’ৰি লষ্ট সম্পৰ্কে দেখুৱাবলৈ আমিৰ খানে যথেষ্ট গৱেষণা কৰিছিল৷ব্ল’ক ব্লাষ্টাৰ ছবি "দংগল"ৰ কাৰণে ৫২ বৰ্ষীয় পিতৃৰ চৰিত্ৰত অভিনয় কৰাৰ কাৰণে আমিৰ খানে প্ৰায় ৯৮ কেজি ওজন বঢ়াইছিল ৷ ধুম 3 ছবিখনৰ কাৰণে আমিৰ খানে চাৰ্কছৰ ট্ৰেইনিঙৰ প্ৰশিক্ষন লয়।

ইফালে "পীকে" ছবিখনৰ কাৰণে ভোজপুৰী ভাষা শিকে আমিৰ খানে ৷ লগতে ছবিখনত যাতে চৰিত্ৰটো সজীৱ ৰূপত ফুটাই তুলিবৰ কাৰণে অভিনয় কৰাৰ প্ৰাকমুহুৰ্তত সততে প্ৰেক্টিছ কৰে আমিৰ খানে ৷গতিকে, আমিৰ খানৰ ছবি চিত্ৰগৃহলৈ আহিলে সততে উৎসুক হৈ থাকে বা হোৱাটো স্বাভাৱিক ৷ কাৰণ আমিৰ খানৰ ছবি বুলিলে প্ৰায় আমি দেখা পাওঁ ব্ল’ক ব্লাষ্টাৰ ছবি ৷গতিকে হলীউডৰ ছুপাৰহিট তথা অস্কাৰলৈ নমিনেছন হোৱা ছবি "ফাৰেষ্ট গম্প" ছবিখনৰ ৰিমেকে বলীউডত কেনেধৰণে সফলতা লাভ কৰে সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com