কবীৰ সিঙৰ কাৰণে ছাহিদ কাপুৰক বিশেষভাৱে অভিনন্দন টলীউডৰ এগৰাকী ছুপাৰষ্টাৰৰ

কবীৰ সিঙৰ কাৰণে ছাহিদ কাপুৰক বিশেষভাৱে অভিনন্দন টলীউডৰ এগৰাকী ছুপাৰষ্টাৰৰ

মুকলি হ’ল চৰ্চিত কবীৰ সিঙৰ(Kabir Singh) টিজাৰ । কবীৰ সিঙৰ টিজাৰ মুক্তি পোৱাৰ পিছতে এক প্ৰকাৰ উৎসুক হৈছে জনসাধাৰণ ৷ ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে ৷ টলীউডৰ অভিনেতা প্ৰভাস সম্প্ৰতি ব্যস্ত হৈ সাহুৰ দৃশ্যগ্ৰহণত ৷

সেই সময়ত প্ৰভাসে প্ৰত্যক্ষ কৰে কবীৰ সিঙৰ টিজাৰ ৷ আৰু লগে লগে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ ফোন যোগে বাৰ্তালাপ কৰে আৰু ছাহিদ কাপুৰক কবীৰ সিঙত কৰা অন্যবৈদ্য অভিনয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ছাহিদ আৰু প্ৰভাসৰ মাজত প্ৰায় সাত মিনিট ধৰি হোৱা কথা বাৰ্তাত তেলেগু ছবি "অৰ্জুন ৰেড্ডীত"কৈও অধিক উৎকৃষ্ট মানদণ্ডৰ বুলি মন্তব্য কৰে ৷ কাৰণ কবীৰ সিং হৈছে অৰ্জুন ৰেড্ডীৰ হিন্দী ৰিমেক।

দক্ষিণ ভাৰতীয় ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিং। বলীউডৰ অভিনেতা ছাহিদ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰা কবীৰ সিঙৰ টিজাৰ সম্পৰ্কত অভিনেতাগৰাকীয়ে টুইট কৰে যে I am not a not a rebel without a cause .

ইফালে সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱতত ছাহিদ কাপুৰৰ সফলতাৰ পিছত সম্প্ৰতি অনুৰাগীসকলৰ মাজত উৎসুক দেখা গৈছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিঙ মুক্তি পাব ২০১৯ চনৰ ২১ জুনত।কবীৰ সিঙত ছাহিদ কাপুৰৰ বিপৰীতে অভিনয় কৰিছে অভিনেত্ৰী কাইৰা আদৱানিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com